Local, Vocal, Global

Road Accident in Rangia : দ্ৰুতবেগী বাইকৰ খুন্দাত থিতাতে নিহত মহিলা

নিউজ ডেস্ক,১১জুন : ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সূতাৰকুছিত শোকাৱহ পথ দুৰ্ঘটনা । দ্ৰুতবেগী বাইকৰ খুন্দাত থিতাতে নিহত মহিলা । নিহত মহিলাগৰাকী ৰাণী বেগম (৪৫) বুলি জানিব পৰা গৈছে ।

ঘটনাৰ বিৱৰণী অনুসৰি, ৰঙিয়াৰ কেন্দুকোনা বামুণগাঁও নিবাসী ৰাণী বেগমে ঘাইপথ অতিক্ৰম কৰিবলৈ লওতেই গুৱাহাটী অভিমুখী AS 01 FA 4058 নম্বৰৰ বাইকখনে প্ৰচণ্ড জোৰে খুন্দিওৱাই ফলত বহু দূৰৈত চিটিকি পৰে মহিলাগৰাকী(Road Accident in Rangia) ।

আনহাতে, দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় বাইক আৰোহীজন । স্থানীয় ৰাইজে ততাতৈয়াকৈ গুৰুতৰভাৱে আহত বাইক আৰোহীজনক ৰঙিয়াৰ এখন চিকিৎসালয়ত ভৰ্তি কৰায় । পিছত তাৰপৰা সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ।

ইফালে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ আধাঘণ্টাৰ পিছতো ঘটনাস্থলীত আৰক্ষী উপস্থিত নোহোৱাত ক্ষুব্ধ হৈ পৰে স্থানীয় লোক । শতাধিক লোকে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক : Aircraft carrying Malawi Vice-President goes missing : আকাশৰ পৰাই হঠাৎ নিৰুদ্দেশ উপ-ৰাষ্ট্ৰপতিৰ বিমান