Local, Vocal, Global

আজি ২ অক্টোৱৰ

আজি ২ অক্টোৱৰ । প্ৰতি বছৰে আজিৰ দিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়। আজিৰ দিনটোক ৰাষ্ট্ৰসংঘৰ সাধৰণ সভাই ২০০৭ চনৰ ১৫ জুন তাৰিখে আন্তজাৰ্তিক অহিংসা দিৱস হিচাপেও ঘোষণা কৰে।

জাতিৰ পিতা মহাত্মা গান্ধীৰ স্বাধীনতা সংগ্ৰামৰ সময়ত যি ভূমিকা সেয়া এক ঐতিহাসিক পৃষ্ঠা। গান্ধীৰ আদর্শ আছিল সত্য আৰু অহিংসাৰ পথ।সেয়ে তেওঁক জাতিৰ পিতা বুলি আখ্যা দিয়া হৈছিল। গান্ধীজীয়ে নিজৰ জীৱন সত্যৰ অন্বেষণত কটোৱাৰ লগতে দেশৰ প্ৰতিটো নাগৰিককে অহিংসাৰ পথেৰে আগবাঢ়িবলৈ পথ নিৰ্দেশনা কৰিছিল। তেওঁৰ আদর্শ মহান আছিল বাবে তেওঁ মহাত্মা। গান্ধীজীয়ে বিশেষকৈ ছাত্ৰ সমাজক সত্য আৰু অহিংসাৰ বাণীৰে আগবঢ়াই নিয়াৰ লগতে সমাজখনক সত্য আৰু নিকা কৰিব বিচাৰিছিল।সততা,অহিংসা,ক্ষমতাশিল, নিৰ্ভীকতা,ন্যায়নিষ্ঠতা,সৰলতা,কৰ্তব্যপৰায়ণ,সৎ চিন্তা ধৰা আছিল তেওঁৰ ব্যক্তিত্ব।যাৰ দ্বাৰা তেওঁ জাতিৰ পিতা হৈ ৰল।তেওঁ অৱদান আমি সদায় মনত ৰখা উচিত।আৰু সদায় সততা আৰু নিষ্ঠাৰে আগবাঢ়ি যোৱা উচিত।

আজি বিশ্বৰ বিভিন্ন প্ৰান্তৰ গান্ধী স্মৃতিক্ষেত্ৰ সমুহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে দিল্লীৰ গান্ধীৰ সমাধি ক্ষেত্ৰ ৰাজঘাটত পুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা গান্ধীক সুঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।