Local, Vocal, Global

অৱশেষত স্বস্থিৰ নিশ্বাস পেলালে শোণিতপুৰ আৰক্ষী আৰু বন বিভাগে

অৱশেষত স্বস্থিৰ নিশ্বাস পেলালে শোণিতপুৰ আৰক্ষী আৰু বন বিভাগে৷ এসপ্তাহৰ অন্তত উদ্ধাৰ হ’ল দুষ্কৃতিকাৰীয়ে লৈ যোৱা থ্ৰী নট থ্ৰী ৰাইফল দুটা৷ আৰক্ষী আৰু বনবিভাগে সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ অভিযান চলাই উদ্ধাৰ কৰে ৰাইফল দুটা৷ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখনৰ মুখ্য কার্যালয়ৰ পৰা ৮ কিলোমিটাৰ নিলগ তথা অসম-অৰুণাচল থকা ২৪ কেম্পৰ সমীপৱৰ্তী খৈচাগুৰিৰ জংঘলৰ পৰা উদ্ধাৰ কৰে অস্ত্ৰখিনি৷

উল্লেখ্য যে ২৪ ছেপ্টেম্বৰত দুৰ্বৃত্তই বন শিবিৰৰ পহৰাৰ দায়িত্বত থকা বিশ্বজিৎ ৰয় আৰু প্ৰমোদ নাথৰ পৰা কাঢ়ি লৈ গৈছিল৷ বিগত কিছুদিনে আৰক্ষী আৰু বনবিভাগে অঞ্চলটোৰ ভিন্ন স্থানত অভিযান চলাইছিল যদিও অস্ত্ৰখিনি উদ্ধাৰ কৰিব সক্ষম হোৱা নাছিল৷ অৱশেষত আৰক্ষী আৰু বনবিভাগে অস্ত্ৰখিনি উদ্ধাৰ কৰে৷