Local, Vocal, Global

এখন ব্যতিক্ৰম বিয়া দখল কৰিছে বাতৰিৰ শিৰোনাম

এখন বিয়া ; সম্পূৰ্ণ সামাজিক নীতি নিয়মৰ মাজেৰে বিবাহ সম্পন্ন ৷ কিন্তূ বিয়াখনে কিয় বাতৰি শিৰোনাম দখল কৰিছে চাওঁ আহক আমাৰ এক প্ৰতিবেদন ৷

বিবাহৰ সম্পূৰ্ণ নীতি – নীয়ম অনুসৰি  হোমক সাক্ষী কৰি বামুণৰ  মন্ত্ৰৰে দৰা কইনাই বিবাহ পাশত আৱদ্ধ হল ৷৷ হয় ;  এজাক বৰষুণৰ আশাত লংকাৰ কাকীৰ ৬ নং কাকমাৰী গাওঁৰ ৰাইজে অনুস্ঠিত কৰিলে ভেকুলা – ভেকুলীৰ বিয়া

প্ৰবাদ আছে যে ভেকুলা – ভেকুলীৰ টোৰ টোৰণী শব্দ আৰু  ভেকুলা – ভেকুলীৰ বিবাহ সম্পন্ন কৰিলে বৰষুুণ হয় ৷৷ শাওনৰ মাহ শেষ হওঁ হওঁ ; এই সময় এতিয়া শালি ধানৰ বতৰ কিন্তূ লংকা ৰাজহ চক্ৰৰ অন্তৰ্গত সমগ্ৰ কাকী  অঞ্চলৰ ৰাইজে বৰ্তমানলৈ পথাৰত ভূই ৰুব পৰা নাই ;  কাৰণ কাকী  অঞ্চলটো বৰষুণৰ পানীৰ ওপৰতে নিৰ্ভৰ কৰি শালি ধানৰ খেতি কৰে ৷৷ বছৰটোৰ বাবে পৰিয়ালটো পোহ পাল দিয়াৰ একমাত্ৰ উপাৰ্জনৰ থল এই শালি ধানৰ খেতি ৷

পানীৰ অভাৱত খেতি কৰিবলৈ নাপাই এতিয়া মূৰে কপালে হাত দি উপায় বিছাৰি এনেদৰে পৰম্পৰা অনুসৰি ভেকুলা – ভেকুলীৰ বিবাহ কৰি ভগৱানৰ কাষ চাপিচে এজাক বৰষুণৰ বাবে ৷৷

উল্লেখ যে অঞ্চলটোৰ  ৮০ শতাংশ লোকেই কৃষিজীৱী ৷৷

বৰ্তমানলৈ অঞ্চলটোৰ কৃষি ভূমিত কোনো চৰকাৰী আচঁনিয়ে ঢুকি পোৱা নাই ৷

স্থানীয় লোকে চৰকাৰৰ ওচৰত অতি আক্ষেপেৰে আহ্বান জনাই যে চৰকাৰী যিকোনো পানী যোগান আঁচনি ৰুপায়ণ কৰিলে কৃষক সকল যথেষ্ট উপকৃত হৱ