Local, Vocal, Global

আপুনি এখন জিলাৰ পৰা আন এখন জিলালৈ যাব বিচাৰিছে নেকি ?

ৰেলেৰে যাত্ৰীৰ আন্তঃ জিলা যাতায়ত অব্যাহত। ধোঁৱাচাঙত ক’ভিড প্ৰট’কল।

ৰাজ্যত বৰ্তমান অব্যাহত আছে ৰেলেৰে   আন্তঃ জিলা যাতায়ত। আপুনি যদি এখন জিলাৰ পৰা আন এখন জিলালৈ যাব বিছাৰিছে তেন্তে ৰেলেৰে আপুনি অনায়াসে যাব পাৰিব। কিয়নো ৰাজ্য চৰকাৰে ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বন্ধ কৰি ৰাখিছে আন্তঃ জিলাৰ যাতায়ত ।

চৰকাৰে ৰাজ্যখনত শেহতীয়াকৈ ক’ভিড পৰিস্থিতি কিছু উন্নত হোৱাত কিছু কিছু ক্ষেত্ৰত কিছু পৰিমাণে শিথিলতা আনিছে যদিও বৰ্তমানেও খুলি দিয়া নাই আন্তঃ জিলা যাতায়ত।

যান-বাহনৰ ক্ষেত্ৰত আন্তঃজিলা যাতায়ত বন্ধ হৈ আছে ঠিক একে সময়তে কিন্তু ৰেলেৰে প্ৰতিদিনে একাধিক লোকে এনেদৰে বিপদ জনক ভাৱে অহা-যোৱা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে অইন যান-বাহনৰ ক্ষেত্ৰত আন্তঃ জিলা যাতায়ত বন্ধ হৈ থকা বাবে লোকেল যাত্ৰীবাহী ৰেল সমূহেৰে শ শ লোকে নিতৌ এনেদৰে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ৰেলেৰে অহা যোৱা কৰিবলৈ বাধ্য হৈ পৰিছে। ফলত নিজৰ লগতে সমাজৰ অইন লোকৰো স্বাস্থ্যৰ প্ৰতি আহি পৰিছে চৰম ভাবুকি।