Local, Vocal, Global

Former minister Chandan Brahma to join UPPL on April 12 : BPFএৰিলে চন্দন ব্ৰহ্মই; ১২ এপ্ৰিলত UPPLত যোগ দিব চন্দন ব্ৰহ্মই

নিউজ ডেস্ক, ৮ এপ্ৰিল : লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰাক্তন বিপিএফ নেতা তথা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ পুনৰ সক্ৰিয় ৰাজনীতিত খোজ(Assam Lok Sabha elections 2024)।

১২ এপ্ৰিলত UPPLত যোগ দিব চন্দন ব্ৰহ্মই। আজি চিৰাঙৰ চাপাগুৰী স্থিত হোটেল ছিগনেটত এক সাংবাদিক মেল সম্বোধন কৰি এই কথা জনানে BPF নেতাজনে ।

আজিৰ পৰিৱৰ্তে ১২ এপ্ৰিলত আনুষ্ঠানিকভাৱে যোগ দিব UPPLত। ১২ এপ্ৰিলত কাজলগাঁৱত এক বিশাল জনসভাত ইউ পি পি এল দলত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ কথা ঘোষণা কৰে।

লগতে সেই দিনা চন্দন ব্ৰহ্মৰ সৈতে বহুকেইটা জাতীয় দল, সংগঠনৰ নেতা কৰ্মীয়ে আনুষ্ঠানিকভাৱে ইউ পি পি এল দলত যোগদান কৰিব বুলি এই সংবাদ মেলতেই জনাইছে ব্ৰহ্মই(Former minister Chandan Brahma to join UPPL on April 12)।

লগতে পঢ়ক : Total Solar Eclipse 2024: আজি বছৰৰ প্ৰথমটো পূৰ্ণগ্ৰাস সূৰ্য্যগ্ৰহণ