Local, Vocal, Global

Total Solar Eclipse 2024: আজি বছৰৰ প্ৰথমটো পূৰ্ণগ্ৰাস সূৰ্য্যগ্ৰহণ

নিউজ ডেস্ক,৮ এপ্ৰিল : আজি বছৰৰ প্ৰথমটো পূৰ্ণগ্ৰাস সূৰ্য্যগ্ৰহণ । ৭ মিনিটৰ বাবে নোহোৱা হৈ পৰিব সূৰ্য্য। দিনতেই অন্ধকাৰ হৈ পৰিব পৃথিৱী। এইবাৰৰ এই পূৰ্ণগ্ৰাস সূৰ্য্যগ্ৰহণত সূৰ্য্যক চন্দ্ৰই সম্পূৰ্ণৰূপে ঢাকি পেলাব। যাৰ ফলত সন্ধিয়াৰ দৰেই অন্ধকাৰ নামিব ধৰাৰ বুকুলৈ।গ্ৰহণৰ সময়ছোৱাত পৃথিৱী আৰু চন্দ্ৰৰ দূৰত্ব সূৰ্য্যতকৈ প্ৰায় ১৫ কোটি কিলোমিটাৰ নিলগত হ’ব।যাৰবাবে বহু সময়লৈ নোহোৱা হৈ পৰিব সূৰ্য্য(Total Solar Eclipse 2024)।

এয়া হ’ব এক বিৰল মহাজাগতিক পৰিঘটনা ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১৯৭৩ চনত এইদৰে হৈছিল এক দীঘলীয়া সূৰ্য্যগ্ৰহণ ।সূৰ্য্যগ্ৰহণক কেন্দ্ৰ কৰি দেশৰ কোটি কোটি জনতালৈ নাছাৰ সতৰ্কবাণী।গ্ৰহণৰ সময়ত মোবাইল ব্যৱহাৰ কৰোতে সাৱধান হওক।মোবাইল ফোনৰ দ্বাৰা নুঠাব সূৰ্য্যগ্ৰহণৰ ফটো।

গ্ৰহণৰ ফটো মোবাইলত আৱদ্ধ কৰিলে নামি আহিব পাৰে বিপদ । স্মাৰ্ট ফোনটো বিকল হৈ পৰাৰ লগতে আপোনাৰো হব পৰা ক্ষতি ।সূৰ্য্যগ্ৰহণৰ ৰেডিয়েচনে ক্ষতি কৰিব পাৰে কেমেৰাৰ লেন্সক।প্ৰত্যক্ষভাৱে লোৱা ফটো, ভিডিঅ’ৰ বাবে ক্ষতি হব পাৰে কেমেৰাৰ লেন্সৰ । গ্ৰহণৰ সময়ত সম্পূৰ্ণভাৱে বিকল হব পাৰে ইন্টাৰনেট সেৱা।সূৰ্য্যগ্ৰহণৰ ৰেডিয়েচনে প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব জনসংযোগত।

নাছাৰ মতে বৈদ্যুতিক সামগ্ৰীত সূৰ্য্যগ্ৰহণৰ ৰেডিয়েচনে প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায় ।ক্ষিপ্ৰ ৰেডিয়েচনৰ ফলত ফোনৰ সাধাৰণ লেন্স বিকল হোৱাটো স্বাভাৱিক।

সেয়েহে সূৰ্য্যগ্ৰহণৰ সময়ত ফটো বা ভিডিঅ’ গ্ৰহণৰ বাবে ব্যৱহাৰ কৰিব লাগে বিশেষ লেন্স। উচ্চ ক্ষমতা সম্পন্ন লেন্স ব্যৱহাৰ কৰিহে ফটো বা ভিডিঅ’ উঠোৱাৰ পৰামৰ্শ নাছাৰ । সূৰ্য্যগ্ৰহণক কেন্দ্ৰ কৰি নাছাই জাৰি কৰিছে এইসমূহ সতৰ্কবাণী।অৱশ্যে এই বিৰল মহাজাগতিক ঘটনাৰ প্ৰত্যক্ষ কৰাৰ পৰা বঞ্চিত হ’ব ভাৰত। সূৰ্য্যগ্ৰহণৰ সময়চোৱাত ভাৰতত নিশা হৈ থকাৰ পৰিপ্ৰেক্ষিতত প্ৰভাৱ নেপেলাই এই বিৰল মহাজাগতিক পৰিঘট নাই (Total Solar Eclipse 2024) ।
উত্তৰ আমেৰিকা, মেক্সিকো, কানাডা, দক্ষিণ প্ৰশান্ত মহাসাগৰত দেখা পোৱা যাব পূৰ্ণগ্ৰাস সূৰ্য্যগ্ৰহণ।ভাৰতীয় সময় অনুসৰি আজি নিশা ৯ বাজি ১২ মিনিটত আৰম্ভ হৈ ২ বাজি ২২ মিনিটলৈ থাকিব এই সূৰ্য্যগ্ৰহণ।

লগতে পঢ়ক : Miscreants attempt to kill businessman by pouring petrol : ব্যৱসায়ীক পেট্ৰল ঢালি জুই লগাই হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ