প্ৰাক্তন মুখ্য মন্ত্ৰী লালু প্ৰসাদ যাদৱক জামিন ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্ক, ২২ এপ্ৰিল: পশু খাদ্য কেলেংকাৰীৰ গোচৰত দোষী সাব্যস্ত হৈছিল বিহাৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা ৰাষ্ট্ৰীয় জনতা দল(আৰজেডি)ৰ নেতা লালু প্ৰসাদ যাদৱ ।
পশু খাদ্য কেলেংকাৰীৰ সৈতে জড়িত পঞ্চমটো গোচৰ ১৩৯.৩৫ কোটি টকীয়া দোৰান্দা কোষাগাৰ গোচৰত লালু প্ৰসাদ যাদৱক শুকুৰবাৰে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰে।
লালু প্ৰসাদ যাদৱৰ অধিবক্তাই সংবাদ মাধ্যমক জনোৱা মতে, লালু প্ৰসাদ যাদৱে তেওঁৰ পাছবছৰীয়া কাৰাদণ্ডৰ আধা অংশ কাৰাগাৰতে কটায়। লগতে তেওঁ চিবিআইৰ তৰফৰ পৰা উচ্চ ন্যায়ালয়ৰ আবেদনৰ বিৰোধিতা কৰে ।
কাৰাবাসতে স্বাস্থ্যৰ অৱনতি ঘটাত ঝাৰখণ্ডৰ উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰে বিহাৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী লালু প্ৰসাদ যাদৱক । বিমানেৰে উন্নত চিকিৎসাৰ বাবে নিয়ে দিল্লীলৈ বিহাৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী লালু প্ৰসাদ যাদৱক ।
জানিব পৰা মতে , পশু খাদ্য কেলেংকাৰীৰ গোচৰত দোষী সাব্যস্ত হৈ কাৰাবাস খাটি থকা লালু প্ৰসাদ যাদৱৰ অধিবক্তাই পূৰ্বৰে পৰা লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ প্ৰসংগৰে বিহাৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীৰ জামিনৰ বাবে আবেদন জনাই আহিছিল।