Local, Vocal, Global

কৰিমগঞ্জৰ বদৰপুৰ ৰে’ল আৰক্ষীৰ হাতত আটক দুই ইউক্ৰেইন নাগৰিক

নিউজ ডেস্ক, ২২ এপ্ৰিলঃ কৰিমগঞ্জৰ বদৰপুৰ ৰে’ল আৰক্ষীৰ হাতত আটক দুই ইউক্ৰেইন নাগৰিক। বৈধ ভিছা আৰু পাছপ’ৰ্ট নথকাৰ অভিযোগত কৰিমগঞ্জৰ বদৰপুৰ ৰে’ল ষ্টেচনত আটক কৰা হয় দুই নাগৰিকক।
আগৰতলা- নতুন দিল্লী অভিমুখী ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছৰ পৰা আটক কৰা হয় ইউক্ৰেইনৰ নাগৰিক দুজনক।

নিয়মীয়া তালাচীৰ সময়ত বদৰপুৰ ৰে’ল আৰক্ষীয়ে আটক কৰে বিদেশী নাগৰিকদ্বয়ক। বিদেশী নাগৰিক দুজন ক্ৰিশচিনস্কি ভলোডিমিৰ আৰু নাজাৰী ভোজনিউক বুলি চিনাক্ত কৰা হৈছে।

ক্ৰিশচিনস্কি ভলোডিমিৰ ঘৰ ইউক্ৰেইনৰ ঝিবোমিৰ প্ৰদেশৰ নোভো ইভানস্কা চহৰৰ আৰু নাজাৰী ভোজনিউক ঝিটোমিৰস্কি অঞ্চলৰ বাৰডিচেভ লুপোভো চহৰৰ বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জনোৱা মতে, কৰ্তব্যৰত ৰে’ল আৰক্ষীয়ে নিয়মীয়া তালাচী চলোৱাৰ সময়ত বিদেশী নাগৰিক দুজনক দেখি সন্দেহ কৰে। আৰক্ষীয়ে নাগৰিক দুজনক জেৰা কৰাৰ পিছত ইউক্ৰেইনৰ নাগৰিক বুলি পৰিচয় দিয়ে।

আৰক্ষীয়ে ভিছা আৰু পাছপ’ৰ্ট বিছৰাত নাগৰিক দুজনে কোনো স্থানত সেই নথি পত্ৰবোৰ চুৰি হৈ যায় বুলি আৰক্ষীক অৱগত কৰে। ইয়াৰপিছত আৰক্ষীয়ে দিল্লীস্থিত ইউক্ৰেইনৰ এমবেছিৰ লগত যোগাযোগ অব্যাহত ৰাখিছে।