Local, Vocal, Global

শোকাৱহ! বাহনৰ ভিতৰত জ্বলি মৃত্যু হ’ল একেটা পৰিয়ালৰ শিশুসহ পাঁচজন লোক

নিউজ ডেস্ক, ২২ এপ্ৰিলঃ ছত্তীশগড়ৰ ৰাজনন্দগাঁও জিলাত ভয়ংকৰ পথ দূৰ্ঘটনা। বিয়াৰ পৰা উভতি অহাৰ পথত সংঘটিত হয় এই ভয়াৱহ দূৰ্ঘটনাটো।

বাহনখন এটা কালভাৰ্টত খুন্দা মৰাৰ পাছত চাৰিচকীয়া বাহনখনত জুই লাগিছিল। ইয়াৰ ফলত একেটা পৰিয়ালৰ পাঁচজন সদস্য গাড়ীৰ ভিতৰত জীৱন্তে অগ্নিদগ্ধ হৈছিল। মৃত্যু হোৱা পাঁচগৰাকী লোকৰ ভিতৰত তিনিগৰাকী শিশু বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জনোৱা মতে, দুৰ্ঘটনাৰ সময়ত পথত বেছি লোকৰ সমাগম নাছিল। কিন্তু দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হৈছিল সেয়া সঠিকভাৱে জানিব পৰা নাই ।

অৱশ্যে, বাটত থকা কিছুমান লোকে প্ৰথমবাৰৰ বাবে গাড়ীখন দেখিছিল গাড়ীখন ৰাস্তাত ওলোটাকৈ পৰি থকা দেখিছিল আৰু ইয়াত জুইয়ে গাড়ীখনক আগুৰি ধৰিছিল।  গাড়ীখনৰ অৱস্থানলৈ চাই অনুমান কৰিব পাৰি যে, কালভাৰ্টৰ খুন্দাত গাড়ীখন ওলোটা হৈ পৰিছিল। 

এই দুৰ্ঘটনাৰ পিছত তেহলাকাদি আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। ৰাজনন্দগাঁওৰ আৰক্ষী অধীক্ষক সঞ্জয় মহাদেৱে কয় যে, দুৰ্ঘটনাটোৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰা হৈছে। এনে কৰুণ ঘটনা কেনেকৈ ঘটিছিল, কিয় কোনো লোকে গাড়ীৰ পৰা নামিব নোৱাৰিলে, এইসকলোবোৰ কথা তদন্ত কৰা হৈছে।

মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীৰ পৰা ফৰেনচিক নমুনা সংগ্ৰহৰ কামো আৰম্ভ কৰা হৈছে।