Local, Vocal, Global

লংকাৰ নখুঁটিত বন ধংসকাৰীৰ আক্ৰমণৰ বলি বনকৰ্মী

দেওবাৰে নিশা লংকাৰ নখুঁটিত বন ধংসকাৰীৰ আক্ৰমণৰ বলি হ’ব লগা হ’ল বনকৰ্মী ।বন ধংসকাৰীৰ আক্ৰমণত আহত হৈছে শ্বৰীফ উল্লাহ আৰু তৈয়বুৰ ৰহমান। নিশা নখুঁটিৰ শিৱপুৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। এখন চোৰাং কুণ্ডাভৰ্তি গাড়ী ধৰিবলৈ যোৱাৰ ফলতে সংঘটিত হয় এই ঘটনা। বনকৰ্মীক আক্ৰমণ কৰি চোৰাং কুণ্ডাভৰ্তি গাড়ী লৈ যায় দুৰ্বৃত্তই। ফোনযোগে প্ৰায় ৩০/৩৫জনীয়া লোকক মাতি আনি সংঘটিত কৰিছিল আক্ৰমণ।বনকৰ্মীৰ ওপৰত আক্ৰমণ চলোৱা মহম্মদ আব্দুল আহাত তেলৰ ভাতৃৰ বিৰুদ্ধে আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ । উল্লেখযোগ্য যে , লামডিং সংৰক্ষিত বনাঞ্চল ধংসকাৰীৰ বিৰুদ্ধে বন বিভাগ কঠোৰ হ’লেই বন বিভাগৰ ওপৰত এনে ধৰণৰ ঘটনা সংঘটিত কৰি আহিছে ।