Local, Vocal, Global

পানীত পৰি কৰুণ মৃত্যুক আকোঁৱালি ল’লে এজন যুৱকে

কামৰূপ জিলাৰ কমলপুৰ থানাৰ অন্তৰ্গত হাঠিয়ানাত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। হাঠিয়ানাৰ বাঢ়নি পানীত পৰি কৰুণ মৃত্যুক আঁ‌কোৱালি ল’লে ভাৰতীয় ষ্টেট বেংকৰ শাখা প্ৰৱন্ধক সমুদ্ৰ গুপ্ত দাসে। হাজোৰ কুলহাটীত সমুদ্ৰই মাক আৰু ভনীয়েকৰ সৈতে মোমায়েকৰ ঘৰত আহি মোমায়েকৰ লগত মাছ মাৰিবলৈ যাওঁতে সংঘটিত হয় এই ঘটনা। মোমায়েকে বাৰম্বাৰ সাতুঁ‌ৰিব মানা কৰিছিল যদিও এবাৰ সাঁ‌তুৰি পাৰ হৈ যোৱা সমুদ্ৰই পুনৰ এবাৰ সাঁ‌তুৰিবলৈ লওঁ‌তেই অসাৱধানবশতঃ দ’ খাৱৈত পৰি মৃত্যুক আঁ‌কোৱালি লয় সমুদ্ৰই।  মোমায়েকে আপ্ৰাণ চেষ্টা চলাইছিল যদিও ব্যৰ্থ হৈছিল সমুদ্ৰক বচাবলৈ । পেচাত ভাৰতীয় ষ্টেট বেংকৰ শাখা প্ৰৱন্ধকজনে মৃত্যুৰ সময়ত মাতৃ আৰু দুগৰাকী ভগ্নীক ইহসংসাৰত এৰি থৈ যায়।যুৱকজনৰ মৃতদেহ হাঠিয়ানাৰ একাংশ লোকে উদ্ধাৰ কৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰে। ঘটনাস্থলীত কমলপুৰ আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায় সমুদ্ৰৰ মৃতদেহটো।