মৰমৰ মিষ্টাৰ গগৈ… অখিল গগৈলৈ ৪ সুন্দৰী এয়াৰ হোষ্টেজে LOVE ইম’জি দি লিখিলে চিঠি

ডিজিটেল ডেস্কঃ লাহে লাহে যেন দিন ভাললৈ আহিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। আন্দোলন, তৰ্ক-বিতৰ্ক এৰি এতিয়া দিল্লীলৈ যাবলৈ আৰম্ভ কৰিছে বিধায়ক গগৈয়ে। সমান্তৰালভাৱে সলনি হৈছে গগৈৰ অনুৰাগীৰ ধৰণ। আন্দোলন ভাল পোৱাসকলৰ লগতে এতিয়া গগৈৰ অনুৰাগীৰ তালিকাত যোগ হৈছে সুন্দৰী এয়াৰ হোষ্টেজো।
ইয়াৰ মাজতে মঙলবাৰে দিল্লী ভ্ৰমণৰ সময়ত বিধায়ক গগৈয়ে লাভ কৰে সুন্দৰী এয়াৰ হোষ্টেজে LOVE ইম’জিৰে লিখা চিঠি। ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই চিঠিখন।
চিঠিখনত ৪ সুন্দৰী এয়াৰ হোষ্টেজে লিখিছে, ‘মৰমৰ মিষ্টাৰ গগৈ, আপোনাক এনেদৰে বিমানত যাত্ৰী হিচাপে পাই ভাল লাগিছে। আশা কৰিছো আপোনাৰ যাত্ৰাৰ অনুভৱ সুন্দৰ হৈছে। আমি আপোনাক আকৌ এনেকৈ যাত্ৰী হিচাপে পাবলৈ ভাল পাম।’
চিঠিখনৰ শেষত LOVE ইম’জি দি সুন্দৰী এয়াৰ হোষ্টেজকেইগৰাকীয়ে লিখি দিছে নিজৰ নাম। এসময়ত কেৱল আন্দোলন কৰি ভালপোৱা বিধায়ক অখিললৈ চিঠি লিখা এই ৪ সুন্দৰী হৈছে ৰংচেন, চানু, কাজল, আৰ্তি নিকিতা। কেৱল চিঠি লিখাই নহয়, বিমানৰ ভিতৰতে অখিল গগৈৰ সৈতে একেলগে ছেলফিও উঠিছে এই ৪ সুন্দৰী এয়াৰ হোষ্টেজে।