Local, Vocal, Global

ক’চিং চেণ্টাৰ, প্ৰাইভেট টিউচন নহয়! শিক্ষামন্ত্ৰীয়ে ক’লে ভিক্টৰৰ নিলম্বনৰ আঁৰৰ কাৰণ…

নিউজ ডেস্ক : নিযুক্তি পৰীক্ষা সন্দৰ্ভত টুইট কৰি চৰ্চাৰ শীৰ্ষলৈ অহা শিক্ষক ভিক্টৰ দাসক মঙলবাৰে শিক্ষা বিভাগে নিলম্বন কৰে।

জিলা প্ৰাথমিক শিক্ষা কাৰ্যালয়, কামৰূপে এক জাননীৰ জৰিয়তে কৈছিল যে ভিক্টৰ দাসক তাৎক্ষণিকভাৱে চাকৰিৰ পৰা নিলম্বিত কৰিছে।

উল্লেখ্য যে, ভিক্টৰ দাস পূব পানীটেমা ৰাধা কৃষ্ণ যুগল মিলন প্ৰাথমিক বিদ্যালয়ত শিক্ষক ৰূপে কৰ্তব্যৰত আছিল। আৰু প্ৰধান শিক্ষকৰ প্ৰতিবেদন বিবেচনা কৰি নিলম্বনৰ অধীনত ৰখা হৈছে ভিক্টৰক।

ভিক্টৰক গ্ৰেপ্তাৰ সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে ভিক্টৰ দাসক অনুশাসন আইনৰ অধীনত নিলম্বন কৰা হৈছে। আৰক্ষীৰ জিম্মাত ৪৮ ঘণ্টাতকৈ অধিক থাকিলে নিলম্বিত হোৱাৰ নিয়মৰ অধীনত নিলম্বন কৰা হৈছে ভিক্টৰক।

শিক্ষামন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে ”কোচিং কৰা, টিউচন কৰাৰ বাবে ভিক্টৰ দাসক নিলম্বন কৰা হোৱা নাই। এয়া ভুল খবৰ।”

ভিক্টৰ দাসক ৯ ছেপ্টেম্বৰত অসম আৰক্ষীয়ে বিভিন্ন বিভাগত ২৬,০০০ তকৈও অধিক খালী পদ পূৰণৰ বাবে নিযুক্তি প্ৰক্ৰিয়াত ‘কেলেংকাৰী’ সম্পৰ্কে উৰাবাতৰি বিয়পোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।

আনহাতে, গুৱাহাটি উচ্চ ন্যায়ালয়ে ২৯ ছেপ্টেম্বৰলৈকে দাসক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে।

গুৱাহাটীৰ এটা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ মালিক দাসে দাবী কৰিছিল যে একাংশ লোকে পদসমূহৰ বাবে ৩-৮ লাখ টকা দাবী কৰিছিল।

তেওঁ এইটোও অভিযোগ কৰিছিল যে কিছুমান প্ৰাক্তন বিধায়কো ‘কেলেংকাৰী’ত জড়িত আছিল।