Local, Vocal, Global

হোমৱৰ্ক নকৰাৰ শাস্তি কি হ’ব পাৰে?

নিউজ ডেস্ক : আপুনি বা আমি সকলোৰে হোমৱৰ্ক নকৰাৰ বাবে শিক্ষকৰ পৰা বা মা-দেউতাৰ পৰা গালি খাইছোঁ। সেই সময়ত হয়তো আপোনাৰ বেয়া লাগিছিল। কিন্তু আপুনি সান্ত্বনা লওঁক যে আপোনাৰ দেউতা আমি ক’বলৈ ওলোৱাজনৰ দৰে নাছিল।

হোমৱৰ্ক নকৰাৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত এজন পিতৃয়ে জঘন্যকাণ্ড সংঘটিত কৰাৰ বাতৰি পোহৰলৈ আহিছে । এটা ১২ বছৰীয়া শিশুক হোমৱৰ্ক নকৰাৰ বাবেই পিতৃয়ে কেৰাচিন ধালি জ্বলাই দিয়ে।

বাতৰি অনুসৰি, শ্বাহীৰে হোমৱৰ্ক কৰি চিলা উৰুৱাবলৈ যাবলৈ বিচাৰিছিল। কিন্তু পিতৃয়ে যাবলৈ নিদি হোমৱৰ্কৰ সন্দৰ্ভত প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছিল৷

add3

শ্বাহীৰে সন্তোষজনক উত্তৰ নিদিয়াত পিতৃয়ে তাক ভয় খুৱাবলৈ গাত কেৰাচিন তেল ধালি দিছিল। খংৰ ভমকত গাত জুই জ্বলাই দিছিল পিতৃয়ে।

মাতৃয়ে ভিতৰৰ পৰা ঘটনাৰ বিষয়ে গম পাই কম্বল লৈ জুই নুমুৱাবলৈ চেষ্টা কৰিছিল। পিতৃয়েও জুই নুমুৱাইছিল যদিও তাৰ পূৰ্বেই সমগ্ৰ শৰীৰটো জুইয়ে পুৰি গৈছিল।

ইয়াৰ পাছতে শ্বাহীৰক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভর্তি কৰাইছিল যদিও চিকিৎসাধীন অৱস্থাতে ১৬ ছেপ্টেম্বৰত কৰুণ মৃত্যু ঘটে ১২ বছৰীয়া শ্বাহীৰৰ ৷