Local, Vocal, Global

মাছৰ কাঁইট ডিঙিত লাগি ধৰিলে কি কৰিব? আজিয়ে এইকেইটা উপায় জানি লওক

মাছ এটা অতি প্ৰিয় ব্যঞ্জন অসমীয়াসকলৰ বাবে । কিন্তু ভাত খাওতে প্ৰায়ে মাছৰ কাঁইট ডিঙিত বিন্ধি লাগি ধৰে। এনেকৈ ডিঙিত কাঁইট লাগিলে আঁহ জাতীয় খাদ্য যেনে ৰুটি, শুকান ভাত, কল আদি গোটা খাদ্য প্ৰায় নোচোবোৱাকৈয়ে গিলি দিব লাগে। এনেকৈ গিলি দিয়াৰ ফলত কাঁইটডাল খাদ্য বস্তুৰ সৈতে তললৈ নামি যায়। বহু লোকে  মাছৰ কাঁইটৰ ভয়ত মাছ খাব নিবিচাৰে। তৃপ্তিৰে আপুনি ভাতৰ সৈতে মাছ খোৱাৰ সময়তে হঠাতে আপোনাৰ ডিঙিত যদি কাঁইট লাগি ধৰে তেতিয়া কি কৰিব?
বহুলোকে ডিঙিৰ কাঁইটবোৰ আঁতৰাবলৈ সহজ উপায় হিচাপে বগা  ভাত খায়। যদি কোমল সৰু কাঁইট হয়, তেন্তে ই সহজতে নামি যায়।

ইয়াৰ উপৰিও কেইবাটাও ঘৰুৱা প্ৰতিকাৰ আছে , সেই ঘৰুৱা প্ৰতিকাৰবোৰ এনধৰণৰ…

১. নিমখে কাঁইটক কোমল কৰে। গতিকে প্ৰথমে অলপ পানী গৰম কৰক আৰু পানীত অলপ নিমখ দিয়ক। এই গৰম নিমখীয়া পানী খালে ডিঙিত বহি থকা মাছৰ কাঁইটবোৰ সহজে আঁতৰ হ’ব।

২. যেতিয়া আপোনাৰ ডিঙিত কাঁইট লাগি থাকে, অলপ কুহুমীয়া পানীত নেমু দি সেই মিশ্ৰণটো খাওক। নেমুৰ এচিডিক ক্ষমতা কাঁইটবোৰ কোমল কৰিবলৈ সক্ষম।

৩. পানীৰ সৈতে ভিনেগাৰ মিহলি কৰক। ভিনেগাৰৰ ডিঙিত বিন্ধা মাছৰ কাঁইট কোমল কৰাৰ ক্ষমতা আছে। গতিকে পানীৰ সৈতে ভিনেগাৰ মিহলি কৰিলে কাঁইট সহজ ডিঙিৰ পৰা পাৰ হয়।