Local, Vocal, Global

আৰাৰ প্ৰথমটো ক’ভিড ভেকচিন সম্পন্ন

যোৱা ১৩-১৫ জুনলৈ তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ৰেষ্টুৰেণ্ট এছ’চিয়েচন [আৰা]ৰ উদে্যাগত ভেকচিন প্ৰদান কৰা হয় গুৱাহাটীৰ আৰ জি বৰুৱা পথৰ ‘গুৱাহাটী চেণ্ট্ৰেল’ৰ এগজ’টিকা গ্ৰীনৰ পাৰ্কিঙত৷ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সহযোগত আৰম্ভ কৰা ভেকচিন প্ৰদানৰ কাৰ্যসূচী ৰূপায়ণত ‘মেডিচিটী গুৱাহাটী’ৰ সঞ্চালক ডাঃ চিৰঞ্জ ীৱ চক্ৰৱৰ্তীৰ তত্ত্বাৱধানত অহা নাৰ্ছ অনামিকা ডেকা, ৰীণা বেগম, ইন্দ্ৰজিৎ সৰকাৰ আৰু ৰোছনে সহযোগিতা আগবঢ়ায়৷ ক’ভিডসৃষ্ট বৰ্তমান পৰিৱেশত আই ডি এফ চি ফাষ্টৰ্ বেংক আৰু এইচ এম এণ্টাৰপ্ৰাইজৰ সহযোগিতাও অনুকৰণীয়৷ তিনিওদিনৰ কাৰ্যসূচীত গুৱাহাটীৰ ১০০খন ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰ, মেনেজাৰ আৰু কৰ্মচাৰীসকলৰ সৰ্বমুঠ ৭১২জনক প্ৰথমটো ভেকচিন প্ৰদান কৰা হয়৷ সন্থাৰ সভাপতি অতুল লহকৰ, উপ-সভাপতি ৰবীন কৰ, সহকাৰী সম্পাদিকা মন্‌জিতা চৌধুৰী, সমন্বয়ৰক্ষী ক্ৰমে ৰোমিঅ’ শেঠ, জিতাম্ৰিত বৰা আৰু প্ৰিতম ঘোষে ভেকচিন প্ৰদান কাৰ্যসূচীৰ সফল ৰূপায়ণত অভূতপূৰ্ব সহযোগিতা আগবঢ়ায়৷ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, অসম চৰকাৰৰ স্বাস্থ্য বিভাগ, প্ৰশাসনৰ বিষয়ববীয়াসকলৰ সহায়-সহযোগিতা অবিহনে এই ভেকচিন প্ৰদান কাৰ্যসূচী সম্ভৱ নহ’লহেঁতেন৷ ‘আৰা’ই সকলোকে ধন্যবাদ জনোৱাৰ লগতে দ্বিতীয়টো ভেকচিনৰ সময়তো সকলোৰে সহযোগিতা কামনা কৰিছে ৷