দৈনিক ৩ লাখ লোকে ল’ব পাৰিব ভেকছিনৰ পালি এতিয়াৰে পৰা
আগন্তুক ২১ জুনৰ পৰা অসমত বৰ্ধিত হাৰত প্ৰতিষেধক প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে। ২১ জুনৰ পৰা ৩০ জুন পৰ্যন্ত দৈনিক ৩ লাখ লোকক ভেকছিনৰ পালি প্ৰদান কৰি ৰাজ্য চৰকাৰে ক’ভিড পৰিস্থিতি সম্ভৱপৰ নিয়ন্ত্রণ কৰিবলৈ স্বাস্থ্য বিভাগ তথা স্বাস্থ্য কৰ্মীসকলক মুখ্যমন্ত্রী গৰাকীয়ে নিৰ্দেশ দিয়ে।
লগতে জিলা সমূহৰ ক’ভিড পৰিস্থিতি সুস্থিৰ কৰি তুলিবলৈ অভিভাৱক মন্ত্ৰীসকলক সংশ্লিষ্ট জিলাসমূহ পৰিভ্ৰমণ কৰাৰ লগতে চাহ বাগানতো ভেকছিন প্ৰদান কাৰ্যসূচী সুচাৰুৰূপে চলাবলৈ আৰু লগতে স্বাস্থ্য বিভাগক মুখ্যমন্ত্রী ড° শৰ্মাই নিৰ্দেশনা দিয়ে। আগন্তুক দিনত অসমে কেন্দ্ৰৰ পৰা পৰ্যাপ্ত পৰিমাণত ভেকছিনৰ পালি লাভ কৰিব বুলি মুখ্যমন্ত্রী গৰাকীয়ে জনায়।