Local, Vocal, Global

প্ৰতিবাদ অব্যাহত ৰখাৰ অধিকাৰ আছে কৃষকৰ, ক’লে উচ্চতম ন্যায়ালয়ে

প্ৰতিবাদী কৃষকসকলে প্ৰতিবাদ চলাই নিব পাৰে, অৱশ্যে ৰাজধানী দিল্লী অৱৰোধ কৰিব নোৱাৰিব। এই মন্তব্য দেশৰ মুখ্য ন্যায়াধীশ এছ এ ববডে’ৰ। কৃষকৰ প্ৰতিবাদ সম্পৰ্কীয় কেইবাখনো আৱেদনৰ শুনানি লৈ এই মতামত মুখ্য ন্যায়াধীশৰ। বিষয়টো কৃষিৰ জ্ঞান থকা স্বতন্ত্ৰ প্ৰতিনিধিৰ এখন কমিটীলৈ হস্তান্তৰৰ পোষকতা কৰে ন্যায়ালয়ে। কমিটীখনে চৰকাৰ আৰু প্ৰতিবাদী কৃষকৰ মতামত লৈ এই সন্দৰ্ভত কৰণীয় সম্পৰ্কে পৰামৰ্শ দিব লাগে। এই সময়ছোৱাত হিংসাৰ আশ্ৰয় নোলোৱাকৈ প্ৰতিবাদ অব্যাহত থাকিব পাৰে আৰু এইক্ষেত্ৰত আৰক্ষীয়ে একো কৰিব নোৱাৰিব, মন্তব্য মুখ্য ন্যায়াধীশ ববডে’ৰ। কেন্দ্ৰীয় চৰকাৰে বিষয়টোৰ প্ৰতিটো দফাক লৈ আলোচনাৰ পোষকতা কৰাৰ মাজতে ন্যায়ালয়ৰ মন্তব্য, ‘কেন্দ্ৰই এইক্ষেত্ৰত সফল বুজাপৰাৰ পথ উলিয়াব পৰা নাই। আমি নাভাবো যে কৃষকসকলে আপোনালোকৰ কথা মানি ল’ব। সেয়েহে এইক্ষেত্ৰত কমিটীখনে সিদ্ধান্ত লোৱা উচিত।’