কৰ’নামুক্ত হৈ দিল্লীত কেইবাজনেও হেৰুৱাইছে দৃষ্টিশক্তি

কৰ’নাৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতিখন দেশে দিনে-নিশাই ভেকচিন আৱিষ্কাৰৰ বাবে ব্যস্ত হৈ আছে। বহুসংখ্যক লোক কৰ’নাত আক্ৰান্ত হৈ সুস্থও হৈছে। কিন্তু ইয়াৰ মাজতে দিল্লীৰ গংগাৰাম হাস্পতালৰ চিকিৎসকসকলে আগবঢ়াইছে ভয়ংকৰ তথ্য। চিকিৎসকসকলৰ মতে কৰ’নাৰ পৰা মুক্ত হ’লেও এবিধ অতিমাৰীয়ে বহুজনৰ বাবে মাতি আনিছে বিপদ। গংগাৰাম হাস্পতালৰ চিকিৎসকসকলে প্ৰকাশ কৰা মতে বহু ৰোগী কৰ’নাৰ পৰা মুক্ত হৈ তেওঁলোক ভয়ংকৰভাৱে ফাংগাল ইনফেকচেনত ভুগিব লগাত পৰিছে। যাৰ ফলত এনে ৰোগীসকলে চিৰদিনৰ বাবে হেৰুৱাব লগা হৈছে দৃষ্টিশক্তি। লগতে গংগাৰাম হাস্পতালৰ চিকিৎসকসকলে জনাই যে বিগত ১৫ দিনত তেওঁলোকৰ ওচৰলৈ প্ৰায় ১৩জন এনে ৰোগী আহিছে। এওঁলোকৰ ৫০ শতাংশ লোকেই কৰ’নাৰ পৰা মুক্তি লভাৰ পিছত চিৰদিনৰ বাবে হেৰুৱাইছে দৃষ্টিশক্তি।