Local, Vocal, Global

 নকল সোণৰ বাবে ভাঙিল বিয়া

সোণ কিনোতে সাৱধান

নকল সোণৰ বাবে ভাঙিল বিয়া

মা-জনী জুয়েলাৰ্চে গ্ৰাহকক দিলে ৰামঠগন

আপোনিও সোণ কিনোতে হওক সাৱধান

আপোনাকো কোনোবা জুৱেলাৰ্চীয়ে পিন্ধাব পাৰে টুপি

হয় আপোনি ঠিকেই শুনিছে এই নাভূত-নাশ্ৰুত কাণ্ড সংঘঠিত হৈছে এইখন অসমৰে ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত নিউ হাতীপোতাৰ মা-জনী নামৰ  এখন জুৱেলাৰ্চত ।

উল্লেখ্য যে হাতীপোতা ২য়খণ্ড গাঁওৰ বাসিন্দা  আছুৰুদ্দিন নামৰ এজন ব্যক্তিয়ে নিজৰ ল’ৰাৰ বিয়াৰ বাবে নিউ হাতিপোতাত স্থিত মা- জনী নামৰ জুৱেলাৰ্চ খনত সোণৰ অলংকাৰ বনাইছিল। পিছত বিয়াৰ দিনা সোণৰ অলংকাৰ লৈ কইনা ঘৰত উপস্থিত হল দৰা। সকলো ঠিকেই আছিল কিন্তু সোণৰ অলংকাৰ খিনি কইনাৰ ঘৰত দিয়াৰ লগে লগে ওলাই পৰিল জলোঙাৰ মেকুৰী। মা-জনী জুৱেলাৰ্চ খনৰ পৰা ক্ৰয় কৰা সোণখিনি ওলাল লোকল সোণ।

জানিব দিয়া মতে মা-জনী জুৱেলাৰ্চ খনৰ স্বত্বাধিকাৰী জন বৰপেটাৰ নিবাসী ৰুস্তম আলী। ৰুস্তম আলীৰ এনে কাৰ্যত দৰা পক্ষই বহুত বিপদত পৰিবলগীয়া হৈছিল আনকি  কইনা পক্ষই দৰা পক্ষক দুদিন মান আটক কৰি ৰাখিছিল। লগতে কয় যে মা-জনী জুৱেলাৰ্চ খনৰ স্বত্বাধিকাৰী ৰোস্তম আলীৰ বিৰুদ্ধে আগতেও বহুত অভিযোগ আছে।

অৱশেষত দৰা ঘৰৰ পৰিয়ালৰ লোকে শালকোচা উপ আৰক্ষী চকীত উপস্থিত হয় আৰু মা-জনী জুৱেলাৰ্চৰ স্বত্বাধিকাৰী ৰোস্তম আলীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে।

শালকোচা উপ আৰক্ষী চকীৰ বিষয়াই মা-জনী জুৱেলাৰ্চৰ স্বত্বাধিকাৰী ৰোস্তম আলীৰ ওপৰত কি পদক্ষেপ হাতত লয় পৰবৰ্তী সময়ত সেয়া হব লক্ষণীয়।