Local, Vocal, Global

ভাৰতীয় সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত জোৱানৰ হাতত নিৰ্যাতিতা এটি শিশু

ৰাজ্যত পুনৰ সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা আন এক ঘটনা

এইবাৰ বঙাইগাঁৱত ভাৰতীয় সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত জোৱানৰ হাতত নিৰ্যাতিতা হৈছে এটি শিশু

এই জঘন্য ঘটনা সংঘটিত হৈছে বঙাইগাঁও সদৰ থানাৰ অধীনৰ বৃহত্তৰ চোকাপাৰা এলেকাত

উত্তম বৰ্মণ নামৰ অৱসৰপ্ৰাপ্ত জোৱানজনে এগৰাকী ছয় বছৰীয়া শিশুক শাৰিৰীক উৎপীড়ন চলোৱা বুলি এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে

এই লৈ মাজনিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু নিশাই স্থানীয় ৰাইজে অভিযুক্ত উত্তম বৰ্মণক আৰক্ষীৰ হাতত চমজাই দিয়ে

সম্প্ৰতি শিশুটিক চিকিৎসাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে

ঘটনা সংক্ৰান্তত কিছু সময়ৰ পূৰ্বে শিশুটিৰ মাতৃয়ে এজাহাৰ দাখিল কৰিছে বঙাইগাঁও সদৰ থানাত

ঘটনাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে বঙাইগাঁৱত