Local, Vocal, Global

ভূৱা চিকিৎসক, শিৱসাগৰত যুৱতীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

ভূৱা চিকিৎসক, শিৱসাগৰত এইগৰাকী যুৱতীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ । শিৱসাগৰত এগৰাকী ভূৱা চিকিৎসকে চিকিৎসকৰ ৰূপ লৈ চিকিৎসা প্ৰদান কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। তৃষা পেগু নামৰ ধেমাজিৰ যুৱতী গৰাকীয়ে ভূৱা চিকিৎসকৰ পৰিচয়েৰে চিকিৎসা প্ৰদান কৰি অহাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে জিলাখনত।

যোৰহাটৰ এগৰাকী মহিলাৰ অভিযোগ মৰ্মে তৃষা পেগুৱে বহুদিনৰ পৰা ভূৱা চিকিৎসক ৰূপে কাম কৰি থকাৰ লগতে উচ্চ চিকিৎসা শিক্ষা প্ৰতিস্থানত নামভৰ্তি কৰি দিয়াৰ নামতো উৎকোচ গ্ৰহণ কৰি আহিছে।

উল্লেখযোগ্য যে, তৃষা পেগু নামৰ চিকিৎসক নামধাৰী যুৱতী গৰাকীয়ে কিছুদিনৰ বাবে শিৱসাগৰৰ স্বৰ্গদেউ চ্যুকাফা মাল্টি স্পেচিয়েলিটি হস্পিটেলতো চিকিৎসক ৰূপে কৰ্মৰত হৈ আছিল।

অৱশ্যে চিকিৎসালয় কৰ্তৃপক্ষই তৃষা পেগু মেডিকেল বিষয়াৰূপেহে কৰ্মৰত আছিল তেওঁ কোনোধৰণৰ প্ৰত্যক্ষ চিকিৎসা প্ৰদানৰ সৈতে জড়িত নাছিল বুলি স্পষ্টীকৰণ দিয়ে।

এই গুৰুতৰ অভিযোগৰ পাছত এতিয়ালৈ ভূৱা চিকিৎসক বুলি অভিযোগ উঠা তৃষা পেগুৱে নিজৰ স্থিতি স্পষ্ট কৰি কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নায়।