Local, Vocal, Global

পৰ্ণ ভিডিঅ’ নিৰ্মাণৰ গোচৰত জামিন লাভ কৰাৰ পাছত প্ৰথম ৰাজহুৱাস্থানত ৰাজ কুন্দ্ৰা

পৰ্ণ ভিডিঅ’ নিৰ্মাণৰ গোচৰত জামিন লাভ কৰাৰ পাছত প্ৰথম ৰাজহুৱা আবিৰ্ভাৱ ৰাজ কুন্দ্ৰাৰ। অৱশেষত অভিনেত্ৰী শিল্পা ছেট্টী আৰু স্বামী ৰাজ কুন্দ্ৰাই ৰাজহুৱাস্থানত আত্মপ্ৰকাশ কৰে। পৰ্ণ ভিডিঅ’ নিৰ্মাণৰ গোচৰত আটক হোৱা শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাই কাৰাগাৰৰ পৰা জামিন লাভৰ পাছত পত্নীৰ সৈতে প্ৰথমবাৰৰ বাবে ৰাজহুৱা স্থানত দেখা দিয়ে। শিল্পা ছেট্টী আৰু স্বামী ৰাজ কুন্দ্ৰাই হিমাচলপ্ৰদেশৰ এটা মন্দিৰ দৰ্শন কৰে।

শিল্পা ছেট্টী আৰু ৰাজ কুন্দ্ৰাই মন্দিৰ দৰ্শনৰ বাবে যোৱাৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। একাংশ সামাজিক মাধ্যম ব্যাৱহাৰকাৰীয়ে ৰাজ কুন্দ্ৰাৰ ৰাজহুৱা আবিৰ্ভাৱ সম্পৰ্কে বিভিন্ন মন্তব্য প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, পৰ্ণ ভিডিঅ’ নিৰ্মাণৰ অভিযোগত আৰক্ষীয়ে বিগত জুলাই মাহত ৰাজ কুন্দ্ৰাক আটক কৰিছিল। জুলাই মাহত আটক হোৱাৰ পাছত ছেপ্তেম্বৰ মাহতহে ৰাজ কুন্দ্ৰাই জামিন লাভ কৰিবলৈ সক্ষম হয়।