Local, Vocal, Global

এগৰাকী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়কৰ পৰিয়ালৰ কৰুণ কাহিনী

0 16

চৰকাৰী মেৰপেচৰ বাবেই বিগত তেৰটা বছৰে পেন্সন প্ৰাপ্তিৰ পৰা বঞ্চিত এটা দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী ।

দূৰ্ঘটনাত অকাল মৃত্যুক সাবটি লোৱা এগৰাকী আৰক্ষী অধীক্ষকৰ কায্যালয়ৰ (Jr. Asstt) কনিষ্ঠ সহায়কৰ পৰিয়ালৰ কৰুণ বাস্তৱ জীয়া কাহিনী । ঘৰ খনৰ এক মাত্ৰ উপাৰ্জনকাৰী মামুনুৰ ৰছিদৰ দূৰ্ঘটনাত মৃত্যু হোৱাত পৰিয়ালটোলৈ নামি আহিল ঘোৰ অমানিশা ।

ধিঙৰ বেচামাৰীৰ মামুনুৰ ৰছিদে ১৮ বছৰে সততাৰে আৰক্ষী বিভাগৰ বাবে কৰ্তব্য পালন কৰিছিল যদিও বিভাগীয় কৰ্তৃপক্ষই তাৰ মৰ্যদা নিদিলে । ১৯৯১ চনত অসম আৰক্ষীৰ চাকৰিত যোগদান কৰি বৃদ্ধা মাতৃ আৰু তিনি ভগ্নীৰ সৈতে সুখেৰে পৰিয়াল পোহপাল দি আছিল । কিন্তু বিধিৰ কি বিধান যুৱক জন কাৰ্বি আলঙৰ ডিফুত কৰ্মৰত হৈ থকা অৱস্থাত দূৰ্ঘটনাত অকাল মৃত্যুক সাৱটিব লগীয়া হয় । আৰু তাৰ পিছৰে পৰা পৰিয়ালটোলৈ নামি আহিল ঘোৰ অমানিশা ।

পুত্ৰৰ চিন্তাত শয্যাগত এতিয়া বৃদ্ধ মাতৃ ৰৌচনাৰা বেগম। ইফালে নমিজা চুলতানা আৰু দীপ্তি চুলতানা ককায়েকৰ মৃত্যুৰ পিছতেই হৈ পৰে মানসিক ৰোগী । সম্প্ৰতি মামুনুৰ ৰছিদৰ আন এগৰাকী ভগ্নী নাদিয়া চুলতানাই বৃদ্ধ মাতৃ আৰু দুই ভগ্নীৰ চিকিৎসাৰ বাবে পথাৰৰ মাটি আৰু ঘৰৰ সা-সম্পত্তি বিক্ৰী কৰি সৰ্বহাৰা হৈ পৰিছে ।নাদিয়াই মাতৃ আৰু ভগ্নী দ্বয়ৰ চিকিৎসা খৰচৰ বাবে দিশহাৰা হৈ পৰিছে । কিয়নো হাতত নাই এটা ফুটা কড়িও ।

ককায়েক  মামুনুৰ ৰচিদৰ পাবলগীয়া ধন আৰু পেঞ্চনৰ বাবে গৃহ বিভাগৰ বৰমূৰীয়াৰ দুৱাৰে দুৱাৰে ঘূৰি ভাগৰি পৰিছে । বিগত তেৰটা বছৰে গৃহ বিভাগৰ উৰ্দতম কৰ্তৃপক্ষৰ পৰা কোনো ধৰণৰ সদুত্তৰ নাপালে পৰিয়ালটোৱে । কায্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি আনৰ পৰা ধাৰ লৈ এতিয়া ধৰুৱা হে হৈ পৰিল এই দূৰ্ভগীয়া পৰিয়ালটো ।

দিন ৰাতি বৃদ্ধা ৰোগীয়া মাতৃ আৰু দুই ভগ্নীৰ চিন্তাত চকু পানীৰে বাট নেদেখা হৈছে নাদিয়াই । কিন্তু ইমানৰ পিছতো কিয় অসম আৰক্ষীয়ে এই পৰিয়ালটোক প্ৰাপ্য ধন আৰু পেঞ্চন মোকলাই দিয়া নাই? অসম আৰক্ষীৰ এই দূৰ্ভগীয়া পৰিয়ালটোৱে চৰম সিদ্ধান্ত লোৱাৰ পিছত চকু মেল খাব নেকি ।  অনিদ্ৰা অনাহাৰে দিন অতিবাহিত কৰা এই পৰিয়ালটোক উদ্ধাৰ কৰিবলৈ অসম আৰক্ষীৰ বৰমূৰীয়া সকল আগবাঢ়ি আহিবনে ।

Leave A Reply

Your email address will not be published.