Local, Vocal, Global

হিন্দু লোকৰ অশেষ কষ্টত আৰম্ভ হৈছে মছজিদৰ কাম

সততে হিন্দু- মুছলমানৰ  মাজত বিদ্বেষ তথা সাম্প্ৰদায়িক  সংঘাটত সৃষ্টি হোৱাৰ বিপৰীতে সৰ্থেবাৰীৰ বেলবাৰীত দেখা গ’ল এক উল্লেখযোগ্য  সমন্বয় । হিন্দু লোকৰ দান বৰঙণিত নিৰ্মাণ  কাৰ্য  আৰম্ভ  হৈছে মছজিদৰ।

সৰ্থেবাৰীৰ  বেলবাৰী জামে মছজিদ । হিন্দু বসতি প্ৰধান বেলবাৰীত আছে প্ৰায় ঌ৪ ঘৰ মুছলমান সম্প্ৰদায়ৰ  লোক। ইছলাম  ধৰ্মালম্বী লোক সকলৰ উপাসনাৰ থলি মছজিদটো  নতুনকৈ নিৰ্মাণ  কৰাৰ  বাবে সমগ্ৰ অঞ্চলটোৰ  হিন্দু  ধৰ্মালম্বী লোকে আগবঢ়াইছে দান- বৰঙণি । বহু হিন্দু লোকে বাঁহ, চিমেন্ট, নগদ ধন  দান কৰিছে । আৰু এইদৰেই হিন্দু ধৰ্মালম্বী লোকৰ দান বৰঙণিৰে আনুষ্ঠানিক  ভাবে আৰম্ভ  কৰিলে মছজিদৰ  নিৰ্মাণ  কাৰ্য।

মছজিদৰ শুভ নিৰ্মাণ  কাৰ্য  উপলক্ষ্যত  এইদৰে অনুষ্ঠিত  হ’ল এখন সম্বৰ্ধনা সভা । আৰু সভাত  সকলো সম্প্ৰদায়ৰ  লোক হ’ল মিলিত । আৰু এইদৰেই এক সমন্বয়ৰ  বাৰ্তা লৈ সৰ্থেবাৰীৰ  বেলবাৰীত আৰম্ভ  হ’ল মছজিদ নিৰ্মাণৰ কাম । পঞ্চগ্ৰাম উন্নয়ন সমিতিয়ে দুই লাখ টকা বৰঙণি আগবঢ়াইছে মছজিদ নিৰ্মাণ কাৰ্যত। পঞ্চগ্ৰামৰ অধীনস্থ গাঁওকেইখন হৈছে  বেলবাৰী, বেলৰবৰী, বেলবাৰী মুছলিম চুপা, বাঘমাৰা, বাঘমাৰা পাম।

পঞ্চগ্ৰামত পূৰ্বৰে পৰা হিন্দু-মুছলমানৰ মাজত ঐক্য- সম্প্ৰীতি- সমন্বয় আছে বুলি জানিবলৈ দিয়ে পঞ্চগ্ৰামৰ সভাপতি মনিকান্ত ডেকা আৰু নন্দেশ্বৰ ডেকাই  । ইয়াৰ উপৰিও বৰকাপলা, বন্নাৰপাৰ গাঁওৰ হিন্দু লোকেও দান বৰঙনি আগবঢ়াইছে বুলি জানিবলৈ দিয়ে বেলবাৰী মুছলিম চুপাৰ সমাজকৰ্মী পুতুল আলীয়।