Local, Vocal, Global

পুনৰ ৰাজ্যত এনকাণ্টাৰৰ ঘটনা, আহত এজন

নিউজ ডেস্ক, ২৬ মাৰ্চঃ ধাৰাবাহিকভাৱে ৰাজ্যত সংঘটিত হৈ আহিছে এনকাণ্টাৰৰ ঘটনা। অব্যাহত আছে অসম আৰক্ষীৰ গুলীচালনা। শনিবাৰে পুৱা গহপুৰত আৰক্ষীৰ গুলীত আহত হয় পাপু গগৈ ।

পাপু গগৈ নামৰ এজন যুৱকক লক্ষ্য কৰি গুলিয়াই গহপুৰ আৰক্ষীয়ে ৷ যাৰ ফলত যুৱকজনৰ বাঁও ভৰিত গুলি লাগে। বৰ্তমানে গহপুৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে যুৱক জন।

জানিব পৰা মতে, বিভিন্ন অভিযোগত অভিযুক্ত আছিল পাপু গগৈ। ৰাজ্যৰ বিভিন্ন থানাত পাপু গগৈৰ বিৰুদ্ধে ডকাইতি, ধনদাবীকে ধৰি বিভিন্ন গোচৰ ৰুজু হৈ আছিল।

আৰক্ষীৰ জিন্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল যুৱকজনে ৷ কিহৰ অভিযোগত যুৱকজনক থানালৈ আনিছিল সেই কথা সদৰী কৰা নাই আৰক্ষীয়ে ৷