Local, Vocal, Global

নিপক’ৰ জলবিদ্যুত প্ৰকল্পত বিষ্ফোৰণ

নিউজ ডেস্ক,২৬ মাৰ্চঃ ডিমা হাছাও জিলাৰ উমৰাংছুৰ জলবিদ্যুত প্ৰকল্পত ভয়ংকৰ বিষ্ফোৰণ। শনিবাৰে পুৱা উমৰাংছুৰ পাঁচ কিলোমিটাৰ নিলগৰ নিপক’ত এই বিষ্ফোৰণ সংঘটিত হয়।

প্ৰকল্পটোৰ টাৰ্বাইনৰ পাইপত এই বিষ্ফোৰণ হয়। এই বিষ্ফোৰণৰ ফলত সমগ্ৰ অঞ্চলটো জলমগ্ন হৈ পৰে।

পূৰ্বেও এনেধৰণৰ ঘটনা সংঘটিত হৈছিল নিপক’ৰ জলবিদ্যুত প্ৰকল্পত। বিষ্ফোৰণস্থলীত আবদ্ধ হৈ আছে বহুকেইজন লোক। অঞ্চলটোত ধাৰাষাৰ বৰষুণৰ বাবে উদ্ধাৰ অভিযানত ব্যৰ্থ হৈছে।

ইতিমধ্যে হাফলঙৰ পৰা ৰাওনা হৈছে উদ্ধাৰকাৰী এটা দল। প্ৰাথমিক তথ্য অনুসৰি ধাৰাষাৰ বৰষুণৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে।