Local, Vocal, Global

বোকাজানত ড্ৰাগছ জব্দ, আহত ড্ৰাগছ সৰবৰাহকাৰী

নিউজ ডেস্ক,২৬ মাৰ্চঃ শুকুৰবাৰে কাৰ্বি আংলং জিলাত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰী আহত হয়।

খবৰ অনুসৰি, বৃহস্পতিবাৰে নিশা বোকাজান খটখটী অঞ্চলত তালাচী চলাই থকা অৱস্থাত ড্ৰাগছ সৰবৰাহকাৰীজনক আটক কৰা হয়।

লগতে আৰক্ষীয়ে এই অভিযানত আধা কিলোগ্ৰাম হেৰ’ইনসহ ৪০ টা চাবোনৰ বাকচ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে, ড্ৰাগছ পেডলাৰজনক সুখঞ্জন অঞ্চলৰ কোনো লোকক বাকচ কেইটা দিবলৈ যাওতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ড্ৰাগছ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰাৰ পিছতেই আৰক্ষীৰ লগত সংঘৰ্ষ হয়। এই সংঘৰ্ষত এজন আৰক্ষী বিষয়া আঘাতপ্ৰাপ্ত হয়।

ইয়াৰপিছতেই ড্ৰাগছ সৰবৰাহকাৰী আৰু আৰক্ষী বিষয়াজনক বোকাজান অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।