Local, Vocal, Global

Encounter in Guwahati : চিলনী চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা, গুলীবিদ্ধ চোৰ হত্যাকাণ্ডৰেও জড়িতৰ অভিযোগ

নিউজ ডেস্ক, ৯ আগষ্ট : গুৱাহাটী মহানগৰীত পুনৰ এনকাউণ্টাৰ (Encounter in Guwahati)। চিলনী চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। আহত চোৰ আমিৰ আলীক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰাৰ চেষ্টা চলাওঁতেই গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী(Encounter in Narengi Guwahati Thief injured)।

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে আৰক্ষীৰ গুলীচালনাৰ ঘটনা। নাৰেংগীত আৰক্ষীয়ে চিলনী চোৰলৈ লক্ষ্য কৰি চলালে গুলী। আৰক্ষীৰ গুলীত আহত হয় চোৰটো ।

উল্লেখ্য যে, মাজনিশা নাৰেংগীত সংঘটিত হোৱা এই গুলীচালনাৰ পাছতে পোহৰলৈ আহিছে কেটবোৰ গুৰুত্বপূৰ্ণ তথ্য। দুদিন পূৰ্বে অজন্তা পথত সংঘটিত হোৱা চুৰি কাণ্ডৰ সৈতে জড়িত আছিল আমিৰ আলী।

সেই চুৰি কাণ্ডৰ সকলো দৃশ্য বন্দী হৈ ৰৈছিল চিচি কেমেৰাত । সেই চি চি টিভিৰ কেমেৰাৰ দৃশ্যৰ আধাৰতে আমিৰ আলীক আৰক্ষীয়ে আটক কৰি দিছপুৰ আৰক্ষীয়ে সোধাপোছা কৰিছিল।

দিছপুৰ আৰক্ষীৰ সোধপোচত আমিৰ আলীয়ে স্বীকাৰ কৰিছিল আনহাতে এই চুৰিকাণ্ডত চিণ্টু মেধি নামৰ আন এটা চোৰ জড়িত হৈ আছে বুলিও স্বীকাৰ কৰে । উল্লেখ্য যে এই দুয়োটা চোৰ আমিৰ আলী আৰু এই চিণ্টু মেধি পূৰবী ডায়েৰীৰ মেনেজাৰ ৰঞ্জিত বৰা হত্যাকাণ্ডৰ সৈতেও জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল।

কিন্তু কোনো তথ্য প্ৰমাণ নোহোৱাৰ বাবে আৰক্ষীয়ে দুয়োটাকে এৰি দিছিল । কিন্তু চিণ্টু মেধিক বহুতেই চিলনী চোৰৰ উপৰিও অন্যান্য অপৰাধমূলক কাৰ্যৰ সৈতে জড়িত থকাৰ সন্দেহ কৰিছিল।

আৰক্ষীক জনোৱা অনুসৰি আমিৰ আলীয়ে চিণ্টু মেধিৰ সৈতে একেলগে বহু সোণৰ অলংকাৰ চোৰ কৰি আনি নাৰেংগীৰ ফালে লুকুৱাই ৰাখিছিল। সেই চুৰি কৰা অলংকাৰ দেখুৱাই দিয়াৰ বাবেই নিশা দিছপুৰ আৰক্ষীক সেই নিৰ্দিষ্ট স্থানলৈ লৈ গৈছিল আমিৰ আলীয়ে।

কিন্তু সেই নিৰ্দিষ্ট স্থান পোৱাৰ আগতেই আমিৰে আৰক্ষীৰ পিষ্টল কাঢ়ি আৰক্ষীকে গুলীয়াবলৈ উদ্যত হৈছিল আৰু সেয়ে আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয় বুলি জানিব পৰা গৈছে ।

ইফালে চুৰি কাণ্ডৰ সৈতে জড়িত থকা চিণ্টু মেধি এতিয়াও পলাতক অৱস্থাত আছে । তেওঁক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে যদিও এতিয়াও আটক কৰিবলৈ সক্ষম হোৱা নাই।

লগতে পঢ়ক : Sex offender in singapore : ছিংগাপুৰত ভাৰতীয় মূলৰ যৌন অপৰাধীৰ বাবে ১৮ বছৰৰ জেল, ১২টা ষ্ট্ৰ’কৰ শাস্তি ঘোষণা