Local, Vocal, Global

Sex offender in singapore : ছিংগাপুৰত ভাৰতীয় মূলৰ যৌন অপৰাধীৰ বাবে ১৮ বছৰৰ জেল, ১২টা ষ্ট্ৰ’কৰ শাস্তি ঘোষণা

ইণ্টাৰনেশ্যনেল ডেস্ক, ৮ আগষ্ট : ছিংগাপুৰত এগৰাকী ঘৰুৱা কৰ্মীক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত ভাৰতীয় মূলৰ এজন অপৰাধীক ১৮ বছৰৰ প্ৰতিৰোধমূলকভাৱে আটক (কাৰাদণ্ড) আৰু ১২টা সৌকাৰ কোবৰ শাস্তি প্ৰদান কৰা হৈছে । মঙলবাৰে এক সংবাদ মাধ্যমৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে । দেশখনৰ আইন মতে, এনে অপৰাধীৰ পৰা জনসাধাৰণক ৰক্ষা কৰিবলৈ তেওঁলোকৰ ওপৰত প্ৰতিৰোধমূলকভাৱে আটক কৰে ছিংগাপুৰ চৰকাৰে (18 Years Detention, 12 Lashes For Indian-Origin Sex Offender In Singapore) ।

চেনেল নিউজ এছিয়াই প্ৰকাশ কৰা অনুসৰি আদালতত হাজিৰ হোৱা ৪৪ বছৰীয়া মাৰ্ক কালাইভান তামিলৰাছানক(Mark Kalaivanan Tamilarasan) গুৰুতৰ যৌন নিৰ্যাতন, যৌন নিৰ্যাতনৰ বাবে ঘৰুৱা কামত ৰখা, শালীনতা হৰণ কৰা আৰু এগৰাকী ছদ্মবেশী চৰকাৰী কৰ্মচাৰীৰ ৰূপ লোৱাৰ চাৰিটা অভিযোগত দোষী সাব্যস্ত কৰা হয়।

পুনৰাবৃত্তিমূলক যৌন অপৰাধী বুলি আদালতে আখ্যা দিয়া ভাৰতীয় মূলৰ লোকজনে ২০১৭ চনৰ জুলাই মাহত মদ্যপান কৰি এটা ফ্লেট ভাঙি সোমাইছিল আৰু কাপোৰ ইস্ত্ৰী কৰি থকা এগৰাকী গৃহকৰ্মী মহিলাক আক্ৰমণ কৰাৰ লগতে তাৰ পিছত যৌন নিৰ্যাতন চলাইছিল । ধৰ্ষণৰ অপৰাধত ১৬ বছৰৰ কাৰাদণ্ডৰ পৰা মুক্তি পোৱাৰ কিছু সময়ৰ পিছতে এই ঘটনা সংঘটিত কৰিঠিল লোকজনে ।

ডেপুটি পাব্লিক প্ৰচিকিউটৰ চ্যু জিন ইং আৰু শ্বেলডন লিমে কালাইভানানৰ বাবে সৰ্বাধিক ২০ বছৰৰ প্ৰতিৰোধমূলক আটকৰ বাবে জোৰ দিছিল । কাৰণ এটা প্ৰতিবেদনত তেওঁক এনে শাস্তিৰ বাবে উপযুক্ত বুলি গণ্য কৰা হৈছিল। কিন্তু ফেব্ৰুৱাৰী মাহত শেষবাৰৰ বাবে শাস্তিৰ শুনানিত কলাইভাননৰ আদালতক খুড়াকে সম্বোধন কৰি তেওঁৰ ভতিজাকৰ পৰিচয়ৰ ওপৰত কঠোৰ আদেশ আৰু গোপনীয় তথ্য উন্মোচন নকৰিবলৈ আদালতক আৱেগিক অনুৰোধ জনাইছিল ।

তেওঁ লগতে দাবী কৰিছিল যে তেওঁ ভতিজাকক কাৰাগাৰত দেখা পাই আৰু তেওঁ নিজৰ কৃতকৰ্মৰ বাবে অনুশোচনা প্ৰকাশ কৰিছে । এই কাৰণতে ন্যায়াধীশ পাং খাং চৌৱে শাস্তি প্ৰদানৰ পূৰ্বে আন এখন প্ৰতিৰোধমূলক আটকৰ উপযুক্ততাৰ প্ৰতিবেদন প্ৰস্তুত কৰাৰ নিৰ্দেশ দিয়ে। আনহাতে দ্বিতীয়খন প্ৰতিবেদনতো অধিবক্তা কালাইভাননৰ বাবে ২০ বছৰৰ প্ৰতিৰোধমূলক আটকৰ বাবে অনুৰোধ কৰি নিজৰ স্থিতি বজাই ৰাখিছিল ।

লগতে পঢ়ক : Imran Khan in Jail : কাৰাগাৰত সন্ত্রাসবাদীৰ বাবে সংৰক্ষিত কোঠাত ৰখা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক