Local, Vocal, Global

Encounter in Lakhimpur and Chirang : বঙালমৰা আৰু চিৰাঙত নিশা আৰক্ষীৰ গুলী চালনা

লখিমপুৰ, ১৪ আগষ্ট : পুনৰ ৰাজ্যত আৰক্ষীৰ এনকাউণ্টাৰ । ৰাজ্যত একে নিশাই দুটাকৈ এনকাউণ্টাৰৰ ঘটনা (Encounter in Lakhimpur and Chirang)। লখিমপুৰ আৰু চিৰাঙত আৰক্ষীৰ এনকাউণ্টাৰ (Lakhimpur Encounter)। লখিমপুৰত ড্ৰাগছ মাফিয়ালৈ গুলীচালনা আনন্দ মিশ্ৰ বাহিনীৰ আনহাতে চিৰাঙত চোৰাং চিকাৰীক এনকাউণ্টাৰ ।

আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ যোগদানৰ পাছতে লখিমপুৰত প্ৰথমবাৰলৈ চলিল আৰক্ষীৰ গুলী । দেওবাৰে নিশা প্ৰায় ১০ বজাত লখিমপুৰত প্ৰথমটো এনকাউন্টাৰৰ ঘটনা সংঘটিত হয় ৷ লখিমপুৰৰ বঙালমৰাৰ ২ নং ইছলামপুৰত হোৱা আৰক্ষীৰ এনকাউন্টাৰত আহত হয় আনাৰুল ইছলাম নামৰ এজন যুৱক ৷ ভৰিত গুলী লাগি আঘাতপ্ৰাপ্ত ধৃত আনাৰুল ।

দেওবাৰে নিশা আৰক্ষীৰ এটা দলে বঙালমৰাৰ ২ নং ইছলামপুৰৰ আনাৰুল ইছলামৰ বাসগৃহলৈ যায় ৷ তাৰ পাছতে আৰক্ষীৰ দলটোৱে আনাৰুল ইছলামক লগত লৈ তেওঁৰ ককায়েক ছাদ্দাম হুছেইনক বিচাৰি চলাই এক অভিযান ৷ অভিযানৰ সময়ত পলায়নৰ চেষ্টা কৰিছিল আনাৰুলে । পলাব খোজা আনাৰুলক আৰক্ষীয়ে গুলী কৰিবলৈ বাধ্য হয় ৷ তাৰ পাছতে আৰক্ষীয়ে ততাতৈয়াকৈ আনাৰুল ইছলামক চিকিৎসাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ সম্প্ৰতি লখিমপুৰ চিকিৎসা মহাবিদ্যালয়তে চিকিৎসাদীন হৈ আছে আনাৰুল ইছলাম ৷

জানিব পৰা মতে কিছুদিন পূৰ্বে ড্ৰাগছ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল আনাৰুল ইছলাম । ককায়েক ছাদ্দাম হুছেইনৰ লগতে আনাৰুল ইছলাম ড্ৰাগছ, নকল সোণ, নকল নোটৰ ব্যৱসায়ত জড়িত আছিল।

আনটো এনকাউণ্টাৰ হৈছে চিৰাঙত । চিৰাঙৰ ভাৰত ভূটান সীমান্তত আৰক্ষীৰ গুলীত দুৰ্ধৰ্ষ চোৰাং চিকাৰী আহত হয় । চোৰাং চিকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা । আৰক্ষীৰ গুলীত আহত দুর্ধর্ষ চোৰাং চিকাৰী নৱেশ্বৰ বসুমতাৰী বুলি জানিব পৰা গৈছে । ভূটান সীমান্তৰ জালুকনি খাপলি নদীত মালেভিটা নামৰ ঠাইত এই ঘটনা সংঘটিত হয়। দুটাকৈ গঁড় হত্যা আৰু ৩০-৪০টা বন্য হস্তী চিকাৰৰ সৈতে জড়িত নৱেশ্বৰ বসুমতাৰীক এনকাউণ্টাৰ।

ভূটান সীমান্তত অঞ্চলত ইতিমধ্যেই গঁড় চিকাৰত জড়িত ৩ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বন বিভাগ-আৰক্ষীয়ে । যোৱানিশা গ্ৰেপ্তাৰ হোৱা গঁড় চিকাৰীকেইটাক লৈ অইন চিকাৰী বিচাৰি অভিযানত যোৱা দলটোৰ ওপৰত আক্ৰমণ হোৱাত ৰফিকুল ইছলাম নামৰ আৰক্ষীৰ এজন লোক আহত হোৱাৰ লগতে এজন চিকাৰী এনকাউণ্টাৰত আহত হয়।

লগতে পঢ়ক : Human Organ Trafficking : ঝাৰখণ্ডত মানৱ অংগ সৰবৰাহ কৰাৰ অভিযোগত এজন লোকক গণপ্ৰহাৰ