Local, Vocal, Global

Human Organ Trafficking : ঝাৰখণ্ডত মানৱ অংগ সৰবৰাহ কৰাৰ অভিযোগত এজন লোকক গণপ্ৰহাৰ

নেশ্যনেল ডেস্ক, ১৩ আগষ্ট: ঝাৰখণ্ডৰ বোকোৰাত ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে(Human Organ Trafficking) ৷ ঝাৰখণ্ডৰ বোকাৰোত মানৱ অংগ সৰবৰাহৰ অভিযোগত এজন যুৱকক গণপ্ৰহাৰ কৰা হয়। দেওবাৰে নাবালকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে গাঁৱৰ ৰাইজে এজন যুৱকক প্ৰহাৰ কৰে(Human organ trafficking in Bokaro)।

ঘটনা অনুসৰি, যোৱা ৯ দিন ধৰি সন্ধানহীন হৈ থকা এটা ১৭ বছৰীয়া কিশোৰৰ অৰ্ধগলিত মৃতদেহ দেওবাৰে উদ্ধাৰ কৰা হয় ৷ তাৰ পিছতে কিশোৰটোৰ পৰিয়ালৰ লোকে একে গাঁৱৰ বাসিন্দা শ্ৰৱণ কুমাৰে কিশোৰটোত হত্যা কৰি তেওঁৰ শৰীৰৰ অংগ সৰবৰাহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ৷ ইয়াৰ পিছতে গাঁৱৰ লোকে শ্ৰৱণ কুমাৰক ধৰি গছত বান্ধি লৈ উপৰ্যুপৰি প্ৰহাৰ কৰে ৷

এই ঘটনাৰ বিষয়ে স্থানীয় আৰক্ষীয়ে গম পোৱাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উত্তেজিত লোকৰ পৰা মুমূৰ্ষু অৱস্থাত শ্ৰৱণক উদ্ধাৰ কৰে ৷ লগে লগে আৰক্ষীয়ে ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰে ৷ সম্প্ৰতি চিকিৎসাধীন হৈ আছে শ্ৰৱণ কুমাৰ ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত চাছ এছডিএম আৰু মুখ্য কাৰ্যালয়ৰ ডিএছপিয়ে লোকসকলক শান্ত কৰি ঘটনাৰ সন্দৰ্ভত বুজ লৈ ন্যায় দিয়াৰ আশ্বাস প্ৰদান কৰে ৷ ভুক্তভোগীৰ পৰিয়ালক ন্যায় প্ৰদান কৰাৰ লগতে বিষয়াসকলে অভিযুক্তক কঠোৰতম শাস্তিৰো আশ্বাস দিয়ে ৷ কিশোৰটোৰ পৰিয়ালে অভিযুক্তই তেওঁক হত্যা কৰি তেওঁৰ অংগ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ ইয়াৰোপৰি শ্ৰৱণ কুমাৰে মানৱ অংগ সৰবৰাহ কৰে বুলি অভিযোগ উত্থাপন কৰে ৷

চাছৰ এছডিএমে জনোৱা অনুসৰি, যদি প্ৰকৃততে মৃতকৰ অংগ বিক্ৰী কৰাৰ ঘটনা ঘটিছে, তেন্তে ইয়াৰ ওপৰত বৃহৎ পদক্ষেপ লোৱা হ’ব ৷ কিন্তু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব ৷

জানিব পৰা মতে ৯ দিনৰ পূৰ্বে, মিস্ত্ৰী শ্ৰৱণে কিশোৰটোক ঘৰৰ পৰা মাতি লৈ গৈছিল ৷ তাৰ পিছৰে পৰা কিশোৰটো সন্ধানহীন হৈ আছিল ৷ ইতিমধ্যে পৰিয়ালটোৱে আৰক্ষী চকীত লিখিত পুত্ৰ নিখোজ হৈ থকাৰ সন্দৰ্ভত অভিযোগ দাখিল কৰিছিল ৷ ইয়াৰ পিছতে দেওবাৰে এটা পুখুৰীত কিশোৰটোৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷

লগতে পঢ়ক : Lanka Moral Policing : লংকাত চোৰৰ সন্দেহত এজন লোকক মৰিয়াই মৰিয়াই হত্যা একাংশৰ