Local, Vocal, Global

77th Independence Day : ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে আজি দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব ৰাষ্ট্ৰপতিয়ে

নেশ্যনেল গেস্ক, ১৪ আগষ্ট: মঙলবাৰে দেশবাসীয়ে পালন কৰিব ৭৭ সংখ্যক স্বাধীনতা দিৱস (77th Independence Day) ৷ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত আনবাৰৰ দৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত জাতীয় পতাকা উত্তোলন কৰি দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ১৪ আগষ্ট সোমবাৰৰ সন্ধিয়া ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক সম্বোধন কৰিব (President will address nation on occasion of 77th Independence Day today) ।

দেওবাৰে ৰাষ্ট্ৰপতি ভৱনে জনোৱা মতে, ৰাষ্ট্ৰপতি দ্ৰৌপাডি মুৰ্মুৱে ১৪ আগষ্টত ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত দেশবাসীক সম্বোধন কৰিব । এই ভাষণ আকাশবাণীৰ সমগ্ৰ ৰাষ্ট্ৰীয় নেটৱৰ্কত সন্ধিয়া ৭ বজাৰ পৰা সম্প্ৰচাৰ কৰা হ’ব আৰু হিন্দীত সকলো দূৰদৰ্শন চেনেলত সম্প্ৰচাৰ কৰা হ’ব আৰু তাৰ পিছত ইংৰাজী সংস্কৰণটো সম্প্ৰচাৰ কৰা হ’ব বুলি ৰাষ্ট্ৰপতি ভৱনে জানিবলৈ দিয়ে ।

আনহাতে কেন্দ্ৰই দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন বৃত্তিৰ সৈতে জড়িত প্ৰায় ১৮০০ লোকক পত্নীসহ লালকিল্লাত অনুষ্ঠিত হ’বলগীয়া স্ৱাধীনতা দিৱসৰ অনুষ্ঠানত ভাগ ল’বলৈ আমন্ত্ৰণ জনাইছে ৷ মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাতীয় পতাকা উত্তোলন কৰি লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব ।

ইফালে স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি দিল্লী আৰক্ষীয়ে সলনি কৰিছে যাতায়তৰ পথ ৷ মঙলবাৰে ৰাজধানীখনত যান-বাহনৰ সুকলমে চলাচল নিশ্চিত কৰাৰ বাবে দিল্লী আৰক্ষীয়ে জাৰি কৰিছে যান-বাহন নতুন পৰামৰ্শ । লালকিল্লাৰ আশে-পাশে সাধাৰণ জনতাৰ বাবে যাতায়ত পুৱা ৪ বজাৰ পৰা ১০ বজালৈ বন্ধ থাকিব । কেৱল অনুমোদিত বাহনৰ বাবেহে মুকলি থাকিব সেই পথ ।

মঙলবাৰে পুৱা ১১ বজাৰ পিছত পুনৰ স্বাভাৱিক বাছ সেৱা আৰম্ভ হ’ব । সোমবাৰে পুৱা ১২ বজাৰ পৰা মঙলবাৰৰ পুৱা ১১ বজালৈ নিজামুদ্দিন খট্টা আৰু ৱাজিৰাবাদ দলঙৰ মাজত সামগ্ৰী কঢ়িওৱা যান-বাহন চলাচল বন্ধ কৰি দিয়া হ’ব । ঠিক সেইদৰে সোমবাৰে পুৱা ১২ বজাৰ পৰা মঙলবাৰৰ পুৱা ১১ বজালৈ মহাৰানা প্ৰতাপ আই এছ বি টি আৰু শৰাই কালে খান আই এছ বি টিৰ মাজত আন্তঃৰাজ্যিক বাছ চলাচলৰো বন্ধ কৰি দিয়া হ’ব ।

৭৭ সংখ্যক স্বাধীনতা দিৱসৰ লালকিল্লাত আয়োজিত অনুষ্ঠানত ‘বিশেষ অতিথি’ৰ ভিতৰত আছে ৬৬০ খনতকৈও অধিক গাঁৱৰ ৪০০ ৰো অধিক গাওঁবুঢ়া (Independence day Special guests) । কৃষক উৎপাদক সংগঠন আঁচনিৰ পৰা ২৫০ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি আৰু প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ ৫০ জনকৈ অংশগ্ৰহণকাৰী । চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ ৫০ জন নিৰ্মাণ শ্ৰমিক, ৫০ জনকৈ খাদী শ্ৰমিক, সীমান্তৰ পথ নিৰ্মাণ, অমৃত সৰোৱৰ আৰু ঘৰে ঘৰে পানী যোজনাৰ নিৰ্মাণৰ সৈতে জড়িতসকলৰ লগতে ৫০ জনকৈ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক, নাৰ্ছ আৰু মাছমৰীয়া উপস্থিত থাকিব বুলি জানিব পৰা গৈছে । প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ৭৫ হাল দম্পতীক নিজৰ পৰম্পৰাগত সাজ-পোছাকেৰে এই উদযাপনৰ সাক্ষী হ’বলৈ আমন্ত্ৰণ জনোৱা হৈছে ।

লগতে পঢ়ক : 77th Independence Day : নতুন দিল্লীৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব অসমৰ ১৯ গৰাকী বিশেষ অতিথিয়ে