Local, Vocal, Global

কেনে আছে এছিয়াৰ সবাতোকৈ বয়স্ক হাতী ?

আজি বিশ্ব হস্তী দিৱস ৷ হস্তী দিৱসৰ দিনটোত ক’ত আছে এছিয়াৰ ভিতৰতে আটাইতকৈ বয়স্ক জীৱিত হাতীটো ?

বিজুলী প্ৰসাদ ! শতবৰ্ষ গৰকাৰ দিশে আগবঢ়া বিজুলীয়ে বহন কৰিছে বৃটিছ উপনিবেশৰ সাক্ষ্য ৷ সম্প্ৰতি বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত বিহালী চাহ বাগিছাৰ বাসিন্দা বিজুলীক, বৃটিছৰ শাসনকালত উইলিয়ামছন মেগৰ টি কোম্পানীয়ে ক্ৰয় কৰিছিল হাতীটো ৷ বৃটিছৰ অলিভাৰ চাহাবে যথেষ্ট হাত হাতীটোক নামকৰণ কৰিছিল বিজুলী প্ৰসাদ ৷ কোম্পানীয়ে বিজুলী প্ৰসাদক ক্ৰয় কৰিছিল পুৰণি চাহৰ গছ উভলা আদি কাৰ্যত নিয়োগ কৰিবলৈ ৷ এই সকলোবোৰৰ বাবে বিজুলীক প্ৰতিমাহে প্ৰদান কৰা হৈছিল দৰমহা ৷

মেগৰ কোম্পানীৰ পৰিয়ালৰ এৰাব নোৱাৰা সদস্য হৈ পৰা বিজুলী এসময়ত হৈ পৰিছিল কোম্পানীটোৰ আভিজাত্যৰ প্ৰতীক ৷ উইলিয়ামছন মেগৰ কোম্পানী গ্ৰুপৰ অধীনৰ বিহালী চাহ বাগিচাৰ পৰিচালক মনোৰঞ্জন তালুকদাৰ  তত্ত্বাৱধানত পৰিচালিত হৈ আছে বিজুলী ৷ বিজুলীৰ পৰিচৰ্যাৰ বাবদ প্ৰতিমাহে খৰচ হয় ৪০ পৰা ৪৫ হাজাৰ টকা ৷ বিজুলীৰ বাবে আছে নিৰ্দিষ্ট খাদ্যাভাসৰ তালিকা ৷ বিজুলীৰ খাদ্যাভাসত প্ৰতি দিনেই থাকে 25 কিলোগ্ৰাম চাউল. সম পৰিমাণৰ মাকৈ, বুটমাহ আৰু গুৰ ৷ লগতে প্ৰতি সপ্তাহে বিজুলীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ওজনো জোখা হয় ৷

হাতীটোৰ বৰ্তমানৰ ওজন 4150 কিলোগ্ৰাম ৷ বিজুলীৰ পৰিচৰ্যাৰ বাবে এগৰাকী মাউত এগৰাকী সহায়কৰ লগতে আছে এগৰাকী চিকিৎসক আৰু এগৰাকী হস্তীৰোগ বিশেষজ্ঞ ৷ বিজুলীৰ স্বাস্থ্যৰ খতিয়ান বাগিছা কৰ্তৃপক্ষই সাপ্তাহিকভাৱে প্ৰেৰণ কৰিবলগীয়া হয় কলিকতাৰ মুখ্য কাৰ্যালয়লৈ ৷ বিজুলীৰ লগত আছে সকলোৰে এক আন্তৰিকতা ৷

মাউতৰ লগতো বিজুলীৰ সম্পৰ্ক বাৰুকৈয়ে ভাল ৷ বাগিছা কৰ্তৃপক্ষই উল্লেখ কৰা অনুসৰি, অন্য হাতীৰ দৰে হাতী মানুহৰ সংঘাতৰ দৰে তেওঁলোকে আজিলৈ প্ৰত্যক্ষ কৰা নাই হাতীটোৰ কোনো আক্ৰমণাত্মক গতি-বিধি ৷ বৰ্তমান এছিয়া মহাদেশৰ ভিতৰতে বয়স্ক হাতীৰ খিতাপ পোৱা, উইলিয়ামছন মেগৰ কোম্পানীৰ মৰমৰ বিজুলী প্ৰসাদ