Local, Vocal, Global

আপোনি বাৰু চৰকাৰী চাকৰি কৰিব নেকি ?

আপোনি বাৰু চৰকাৰী চাকৰি কৰিব নেকি ? যদি কৰে তেন্তে সাৱধান। কভিডসৃষ্ট পৰিৱেশৰ সুবিধা গ্ৰহণ কৰি দুষ্টচক্ৰই অতি কৌশলেৰে পেলাইছে প্ৰৱঞ্চনাৰ জাল।অতি কৌশলৰে নতুন দিল্লীৰ পৰা জাল পেলাইছে দুষ্ট চক্ৰটোৱে।জালিয়াতি চক্ৰটোৱে ” Department of Communication and Technology , Digital India ( Govt of India)”ৰ  চাকৰি দিয়াৰ প্ৰলোভনেৰে পেলাইছে জাল। ডাকযোগে বিভিন্ন লোকলৈ প্ৰেৰণ কৰিছে চাকৰিৰ অনুমোদন প্ৰত্ৰ

 

কলিয়াবৰৰ লাঙিগাৱঁৰ জিনু বৰা নামৰ  মহিলাগৰাকীলৈ  বিভাগটোৰ অধীনত পিয়ন চাকৰিৰ বাবে মনোনিত কৰা বুলি ডাকযোগে  অহা প্ৰত্ৰখনে পোহৰলৈ আনিছে এই ঘটনাটো। আবেদন নৰকাকৈয়ে দিল্লীৰ পৰা ডাকযোগে অহা চাকৰিৰ অনুমোদন পত্ৰ লাভ কৰি বিপাঙত পৰিছে কলিয়াবৰৰ এগৰাকী মহিলা।প্ৰত্ৰখনৰ জৰিয়তে নিদিষ্ট একাউন্টত ন হাজাৰ পাচঁশ টকা জমা দিলেই পিয়ন হিচাপে নিয়োগ প্ৰত্ৰ প্ৰেৰণ কৰিব মহিলাগৰাকীয়ে ।

“Department of Communication and Technology , Digital India ( Govt of India)” বিভাগত  অসমতে  পিয়ন হিচাপে নিযুক্তি দি  প্ৰতিমাহে  আঠত্ৰিশ হাজাৰ দুশ টকা বেতন প্ৰদান কৰিব বুলি উল্লেখ আছে প্ৰত্ৰখনত।

মহিলাগৰাকীৰ ম’বাইলত এই সংক্ৰান্তত মেছেজ অহাৰ লগতে ফোনযোগে পত্ৰত উল্লেখিত ধনৰাশি দুষ্ট চক্ৰটোৱে নিদিষ্ট বেংক একাউন্টত জমা দিবলৈ নিৰ্দেশ দিছে মহিলাগৰাকীক।বৰ্তমান ফোনযোগে মহিলাগৰাকী চক্ৰটোৱে প্ৰেৰণ কৰা প-পত্ৰ পূৰণ কৰি প্ৰেৰণ কৰাৰ লগতে চক্ৰটোৱে প্ৰদান কৰিবলগীয়া নিদিষ্ট একাউন্টত “ন হাজাৰ পাচঁশ টকা” জমা দিলেই পিয়ন হিচাপে নিয়োগ প্ৰত্ৰ প্ৰেৰণ কৰিব মহিলাগৰাকীয়ে।

এতিয়া প্ৰশ্ন উঠিছে যে দেশত লক্ষ্য লক্ষ্য নিবনুৱা লগত হেতালি খেলা দুষ্ট চক্ৰটোক আৰক্ষীয়ে নাকী লগাব পাৰিবনে নে পুনৰ  এনেদৰেই দৰিদ্ৰ নিবনুৱাৰ তেজ শুহি খাব সেয়া অৱশ্যে সময়হে ক’ব।