Local, Vocal, Global

বিশ্বনাথৰ ন-বজাৰত যোৱা দুদিন ধৰি গঁড়ৰ আতংক

বিশ্বনাথৰ ন-বজাৰত যোৱা দুদিন ধৰি গঁড়ৰ আতংক

গুপ্তকাশী বিশ্বনাথ ঘাটত যোৱা দুদিন ধৰি গঁড়ৰ আতংক। উল্লেখ্য যে সোমবাৰে পুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ অহা এটা গঁড়ে ওলাই আহি বিশ্বনাথ ঘাটৰ   মৰাপাত খেতি এডৰাত আশ্ৰয় গ্ৰহন কৰি আছে।

যিকোনো মুুহুৰ্ত্বতে গঁড়টো ওলাই অহাৰ সম্ভাৱনা থকাৰ বাবে  স্থানীয় ৰাইজ আতংকিত হৈ পৰিছে।  কাৰণ মৰাপাত খেতি ডৰাৰ কাষতে এখন ঘন বসতিৰ গাওঁ আছে। সেয়েহে বিশ্বনাথৰ বন বিভাগৰ লোকে সোমবাৰৰ পৰাই উক্ত স্থানত পহৰা দিয়াৰ লগত গঁড়টোক পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ খেদি পঠিয়াবলৈ ঘৰচীয়া হাতীৰ সহায়ত আৰু ফটকা ফুটাই চেষ্টা আব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত সক্ষম হোৱা নাই বন বিভাগৰ লোক।