Local, Vocal, Global

একনাথ সিন্দেৰ মুম্বাইলৈ যাত্ৰা

নিউজ ডেস্ক, ২৪ জুন : মহাৰাষ্ট্ৰৰ বৰ্ধিত ৰাজনৈতিক সংকটৰ মাজতে শুক্ৰবাৰে শিৱসেনাৰ বিসম্বাদী নেতা Eknath Shindeই মুম্বাইলৈ যাত্ৰা কৰিছে।

খবৰ অনুসৰি একনাথ চিন্দে শিবিৰত শিৱসেনাৰ বিধায়কসকলৰ শক্তি আজি ৫০ অতিক্ৰম কৰাৰ সম্ভাৱনা। কিয়নো আজি অধিক বিধায়ক গুৱাহাটীত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।

বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হোৱা তিনিজন বিধায়কৰ ভিতৰত আছে কৃষি মন্ত্ৰী দাদা ভুছে, বিধায়ক সঞ্জয় ৰাঠৌৰ আৰু এমএলচি ৰবীন্দ্ৰ ফাটক।

দলটোৱে বৃহস্পতিবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ উপাধ্যক্ষলৈ ১২ জন বিদ্ৰোহী বিধায়কক অযোগ্য ঘোষণা কৰিবলৈ চিঠি লিখাৰ পিছত বিদ্ৰোহী নেতা একনাথ চিন্দে শিৱসেনাক প্ৰত্যুত্তৰ দিয়ে।

মহাৰাষ্ট্ৰৰ উপাধ্যক্ষলৈ একনাথ সিন্দেই প্ৰেৰণ কৰা পত্ৰখনত তেওঁৰ লগত ৪৯ জন বিধায়কৰ সমৰ্থন থকা বুলি উল্লেখ কৰা হৈছিল । আনহাতে আজি পুৱা শিৱসেনাৰ আন এগৰাকী বিধায়ক আহি উপস্থিত হৈছেহি গুৱাহাটীত।