Local, Vocal, Global

“মহাৰাষ্ট্ৰৰ বিধায়কসকল গুৱাহাটী হোটেলত থকাৰ বিষয়ে অৱগত নহয়”

নিউজ ডেস্ক, ২৪ জুন :  মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ মাজতে নিৰ্দলীয় বিধায়কসহ ৪০ জনতকৈও অধিক শিৱসেনা বিধায়কৰ এটা বিদ্ৰোহী গোটে বুধবাৰৰ পৰা গুৱাহাটীৰ এখন বিলাসী হোটেলত শিবিৰ পাতি আছে।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে বিধায়কসকল চহৰখনৰ হোটেলখনত আছে বুলি তেওঁ অৱগত নহয়।

শৰ্মাই কয় যে “অসমত বহুতো ভাল হোটেল আছে, যিকোনো লোকে তালৈ আহি থাকিব পাৰে… ইয়াৰ সৈতে কোনো সমস্যা নাই। মই নাজানো মহাৰাষ্ট্ৰৰ বিধায়কসকল অসমত আছে নে নাই। আন ৰাজ্যৰ বিধায়কসকলেও আহি অসমত থাকিব পাৰে,” ।

শ্ৰীযুত শিন্দে গুৱাহাটীৰ হোটেলৰ পৰা দৃশ্য পোষ্ট কৰি দেখুৱাইছিল যে তেওঁৰ কাষত ৪২ জন বিধায়ক আছে।

তদুপৰি, Eknath Shinde নেতৃত্বাধীন বিধায়কসকলে ৫০ জনতকৈ অধিক অতিক্ৰম কৰিব বুলি আশা কৰা হৈছে কিয়নো আজি অধিক বিধায়কে যোগদান কৰাৰ সম্ভাৱনা আছে।