Local, Vocal, Global

কৰ’নাই প্ৰাণ ল’লে ইজিপ্তৰ প্ৰসিদ্ধ অভিনেত্ৰীৰ

ইজিপ্তিয়ান চলচ্চিত্ৰৰ এগৰাকী প্ৰসিদ্ধ অভিনেত্ৰী ৰাগা অল গীডাৱেৰ প্ৰাণ ল’লে কাল কৰ’নাই৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ৷ দেওবাৰে ইজিপ্তৰ সংবাদ প্ৰতিষ্ঠানে সদৰী কৰিছে বৰ্ষীয়ান অভিনেত্ৰীগৰাকীৰ কৰ’নাৰ কৱলত পৰি মৃত্যু হোৱাৰ তথ্য৷ দেশখনৰ এক্টৰ্ছ ইউনিয়নে সদৰী কৰা মতে আজি পুৱাৰ ভাগত অভিনেত্ৰী গৰাকীৰ মৃত্যু হয়৷ ক’ভিড-১৯ৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়েই অতিকে জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে কোনো ৰাজহুৱা অনুষ্ঠানৰ আয়োজন কৰা নহয়৷ যোৱা মে’ মাহতে অভিনেত্ৰীগৰাকী কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছিল৷ আৰু ইজিপ্তৰ ইছলামীয়া প্ৰদেশৰ এখন চিকিৎসালয়ৰ আইছ’লেচন ৱাৰ্ডত ৰাখি তেওঁৰ চিকিৎসা কৰা হৈছিল৷ ইজিপ্তৰ ৰাজধানী কাইৰো চহৰৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ নিলগৰ সেই চিকিৎসালয়খনতে আজি পুৱা তেওঁ শেষ নিশ্ৱাস ত্যাগ কৰে৷ যোৱা ৰমজান মাহৰ সময়ত ৰাগা অল গীডাৱেই অভিনয় কৰা অন্তিমটো টেলিভিছন ছিৰিজৰ সম্প্ৰচাৰ হৈছিল৷ কেৱল ইজিপ্ততে নহয়, সমগ্ৰ আৰৱ বিশ্বতে অতিকে জনপ্ৰিয় আৰু সন্মানীয় বৰ্ষীয়ান অভিনেত্ৰীগৰাকীয়ে কেৰিয়াৰ আৰম্ভ কৰিছিল এগৰাকী মডেল হিচাপে৷ ১৯৫০ চনত প্ৰথমখন ছবিত অভিনয় কৰা এইগৰাকী অভিনেত্ৰীয়ে জীৱনকালত ৩৮০খন চিনেমাত অভিনয় কৰি গৈছে৷ ইজিপ্তিয়ান চিনেমাৰ কিংবদন্তী ব্যক্তিসকলৰ তালিকাত আগশাৰীতে উচ্চাৰিত হয় ৰাগা অল গীডাৱেৰ নাম৷