Local, Vocal, Global

বিধান সভাৰ অনাগত নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে গ্ৰহণ কৰিছে কেতবোৰ বিশেষ ব্যৱস্থা

অসম বিধান সভাৰ অনাগত নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে গ্ৰহণ কৰিছে কেতবোৰ বিশেষ ব্যৱস্থা :

১/ ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি । কোভিড স্বাস্থ্যবিধি আগত ৰাখি কৰা হ’ব ভোট গ্ৰহণ ।
২/ কোভিডৰ শংকাক লক্ষ্য কৰিয়েই সমষ্টিবোৰত পূৰ্বতকৈ বৃদ্ধি কৰা হল ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা ।
৩/ ৮০ বছৰৰ উৰ্ধৰ লোকসকলে প্ৰয়োজন অনুসৰি ডাক বেলটযোগেও কৰিব পাৰিব মতদান ।
৪/ ৩টা পৰ্যায়ত হবলগীয়া বিধান সভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদাতা সকলক সজাগ কৰাৰ বাবে নিৰ্বাচন আয়োগৰ এছ ভি ই ই পিৰ অধীনত ব্যাপক সজাগতামূলক ব্যৱস্থা গ্ৰহণ ।
৪/ উল্লেখযোগ্য যে ভোটদাতাসকলৰ সুবিধাৰ্থে জিলা প্ৰশাসনসমূহে ভোটগ্ৰহণ কেন্দ্ৰত উপযুক্ত দিশ নিৰ্দেশনা অৰ্থাৎ দিশসূচক সংকেতৰ ব্যৱস্থা, ৰেম্প আদিৰ লগতে খোৱা পানী, পুৰুষ আৰু মহিলাৰ সুকীয়া শৌচালয়কে সাঙুৰি অইন কিছু সা সুবিধাৰো কৰিলে সুব্যৱস্থা ।
৫/ তাৰোপৰি বিশেষ ভাৱে সক্ষম ভোটদাতা সকলক ভোটগ্ৰহন কেন্দ্ৰলৈ অনাৰ বাবে হুইল চেয়াৰ নতুবা অন্য কোনো পদক্ষেপৰ চলি আছে চিন্তা চর্চা ।
৬/ নিৰ্বাচনী আচৰণ বিধি উলঙ্ঘন সম্পৰ্কীয় অভাৱ – অভিযোগ সমূহৰ বাবে ব্যৱহাৰোপযোগী হ’ব ‘চিভিজিল’ মবাইল এপ ।
৭/ লগতে প্ৰাৰ্থীসকলে নিৰ্বাচন সংক্ৰান্তীয় অনুমতি বা মনোনয়নৰ অগ্ৰগতি সম্পৰ্কীয় বিষয়বোৰৰ সবিশেষ ‘সুবিধা’ এপৰ যোগে লাভ কৰিবলৈ সক্ষম হ’ব ।
৮/ তদুপৰি নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ লগে লগে এনে আচৰণবিধি উলংঘাৰ ঘটনা সমূহ নিয়ন্ত্ৰণৰ বাবে প্ৰশাসন আৰক্ষী, ফ্লায়িং স্কোৱাড, ব্যয় নিৰীক্ষণ সমিতি আৰু ভিন্ন কোষ সাজু হৈ থাকিব ।