Local, Vocal, Global

মহিলাই জন্ম দিয়া শিশুৰ দায়িত্ব নলয় চৰকাৰে – ইউ পি বিধায়ক ৰামেশ দিবাকৰ

বিজেপিৰ এজন বিধায়কে দেওবাৰে দিয়া এটা মন্তব্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে উত্তৰ প্ৰদেশত । এখন মত বিনিময় সভাত ইউ পি বিধায়ক ৰমেশ দিবাকৰে  ‘মহিলাই জন্ম দিয়া সন্তানৰ শিক্ষাৰ দায়িত্ব চৰকাৰে কিয় লব লাগে’ বুলি মহিলা সকলক প্ৰশ্ন কৰে আৰু তাৰ পিছতে সৃষ্টি হয় উত্তেজনাৰ ।

ইউ পি বিধায়কজনৰ এনে মন্তব্যৰ পাছতে এগৰাকী মহিলাই ভিৰৰ মাজৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বিধায়ক এজন জনসাধাৰণে নিৰ্বাচন কৰি উলিয়াই গতিকে জনতাৰ কথা শুনাটো তেঁওৰ দায়িত্ব । তাৰ পাছতে বিধায়ক জনে মহিলা সকলক নিজৰ সন্তানক চৰকাৰী বিদ্যালয়সমূহলৈ পঠিয়াবলৈ আহ্বান জনায় । তেওঁ কয় যে চৰকাৰী বিদ্যালয় সমূহত কোনো মাচুল আদায় লোৱা নহয় । তাৰ লগতে চৰকাৰী বিদ্যালয় সমূহত খাদ্য আৰু কাপোৰৰো যোগান ধৰা হব বুলি তেওঁ আচ্ছাশ দিয়ে ।
উত্তৰ প্ৰদেশৰ এই ঘটনাৰ পাছতে বিজেপিৰ মুখপাত্ৰ সমীৰ সিঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁ অথবা ৰাজ্যিক নেতৃত্বই এই বিষয়ে অৱগত নহয় । কিন্তু মহিলাসকলৰ সৈতে অসন্মানজনক ভাৱে কথা কোৱাৰ অধিকাৰ কাৰো নাই  বুলিও মন্তব্য আগবঢ়াই বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে।