Local, Vocal, Global

শিক্ষা বিভাগৰ কৰ্মচাৰীক আটক

অভয়াপুৰীৰ শিক্ষা বিভাগৰ কৰ্মচাৰীক আটক।

শিক্ষকৰ পেঞ্চনৰ কামত বৃহৎ পৰিমাণৰ উৎকোচ দাবী কৰাৰ অভিযোগ উত্থাপন কৰিছিল “উত্তৰ শালমাৰা মহুকুমা প্ৰাথমিক শিক্ষক সন্মিলনী”য়ে ।

চন্দ্ৰা সন্দিকৈ নামৰ এগৰাকী উচ্চ বৰ্গৰ সহায়কৰ বিৰুদ্ধে আছিল এই অভিযোগ।

অভয়াপুৰী উত্তৰ শালমাৰা মহুকুমাধিপতি পার্থ সাৰথি জহৰীয়ে এক গোচৰ ৰুজু কৰিছিল চন্দ্ৰা সন্দিকৈৰ বিৰুদ্ধে। অভয়াপুৰীৰ উত্তৰ শালমাৰা মহুকুমাৰ বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্য্যালয়ত দীৰ্ঘদিন ধৰি উচ্চ বৰ্গৰ সহায়ক পদত চন্দ্ৰা সন্দিকৈ নামৰ এজনীয়ে কাৰ্যনিৰ্বাহ কৰি আছিল।

কিন্তু এই গৰাকী উচ্চ বৰ্গৰ সহায়কৰ বিৰুদ্ধে অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত অৱস্থাত মৃত শিক্ষকৰ প্ৰাপ্য পেঞ্চনৰ কামত বুজন পৰিমাণৰ উৎকোচ দাবী কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছিল।

উল্লেখ্য যে দাবী কৰা ধন আদায় নাপালে পেঞ্চনৰ কাম কেতিয়া সম্পূৰ্ণ হব তাৰ কোনো নিশ্চয়তা নাই বুলি দাবী কৰিছিল উচ্চ বৰ্গৰ সহায়ক পদত থকা চন্দ্ৰা সন্দিকৈয়ে। যাৰ বাবে এতিয়াও পেঞ্চনৰ পৰা বিৰত হৈ আছে বহুতো অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত অৱস্থাত মৃত শিক্ষকৰ পৰিয়াল সকল।

মহুকুমাটোৰ কেইবাগৰাকী ভুক্তভোগী শিক্ষকৰ অভিযোগৰ ভিত্তিত  “উত্তৰ শালমাৰা মহুকুমা প্ৰাথমিক শিক্ষক সন্মিলনী” য়ে জিলা উপায়ুক্তক সাক্ষাৎ কৰি এই বিষয়ত এক অভিযোগ দাখিল কৰিছিল। তাৰোপৰি অভয়াপুৰী উত্তৰ শালমাৰা মহুকুমাধিপতি পার্থ সাৰথি জহৰীয়ে এক গোচৰ ৰুজু কৰিছিল চন্দ্ৰা সন্দিকৈৰ বিৰুদ্ধে। ২৬ জুলাইৰ পৰা পলাতক আছিল চন্দ্ৰা সন্দিকৈ।

অৱশেষত দিছ্পুৰ চিকিৎসালয়ৰ পৰা চিকিৎসাধীন হৈ থকা অৱস্থাতেই চন্দ্ৰা সন্দিকৈক আটক কৰে প্ৰশাসনে।