Local, Vocal, Global

বিয়াৰ প্ৰস্তাৱ অমান্য কৰাৰ বাবে ধৰ্ষণ কৰাৰ অভিযোগ

ৰঙিয়া ইছাপুৰত ধৰ্ষণৰ ঘটনা । বিয়াৰ প্ৰস্তাৱ অমান্য কৰাৰ বাবে ধৰ্ষণ কৰাৰ অভিযোগ ।

ৰঙিয়া ইছাপুৰত সংঘটিত হয় এক ধৰ্ষনৰ দৰে জঘন্য ঘটনা । বিয়াৰ প্ৰস্তাৱ অমান্য কৰাত একে গাওঁৰে  আনোৱাৰ হুছেইন নামৰ যুৱক এজনে ধৰ্ষণ কৰাৰ অভিযোগ কৰিছে এগৰাকী ১৪ বছৰীয়া ছোৱালীৰ  পৰিয়ালে ।

ঘটনা সন্দৰ্ভত কিশোৰী গৰাকীৰ পৰিয়ালে ৰঙিয়া তুলসীবাৰী আৰক্ষী চকীত ছোৱালী গৰাকীক আনোৱাৰ হুছেইন নামৰ যুৱক জনে বিয়াৰ প্ৰস্তাৱ অমান্য কৰাৰ বাবে অপহৰণ কৰা বুলি এক গোচৰ ৰুজু কৰিছিল ।

গোচৰৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলাই ছোৱালী গৰাকীক বৰপেটা জিলাৰ বৰবৰী থানাৰ অধিনৰ বাওতা গাঁৱৰ পৰা উদ্ধাৰ কৰে। পিচত আৰক্ষীয়ে অতি কৈশলৰে অভিযুক্ত আনোৱাৰ হুছেইনকো আটক কৰি শনিবাৰে নলবাৰী জেল হাজোতলৈ প্ৰেৰণ কৰে ।

ইফালে ছোৱালী গৰাকীৰ পৰিয়ালে যিধৰণে বিয়াৰ প্ৰস্তাৱ অমান্তি হোৱাৰ বাবে ধৰ্ষণ কৰা বুলি  যি অভিযোগ দিছিল সেই অভিযোগৰ  বিপৰিতে ভাষ্য আনোৱাৰে  প্ৰদান কৰা বুলি জানিব পৰা গৈছে ।