Local, Vocal, Global

Srinivas appear before CID of Assam Police: থানাৰ পৰা গৈ CID ৰ মুখ্য কাৰ্যালয়ত উপস্থিত যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিৱাস বি ভি

গুৱাহাটী ২২ মে’: আজি অৰ্থাৎ সোমবাৰে অংকিতা দত্তৰ গোচৰ সন্দৰ্ভত অখিল ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিৱাস বি ভিয়ে অসম আৰক্ষীৰ সন্মুখত হাজিৰ হয় । পুৱা প্ৰায় ৯.৪৫ মিনিটত গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত পোনে পোনে পানবজাৰ মহিলা আৰক্ষী থানাত হাজিৰ হয়গৈ শ্ৰী নিৱাস । সদ্য অপসাৰিত যুৱ কংগ্ৰেছী অংকিতা দত্তই শ্ৰীনিৱাসৰ বিৰুদ্ধে মানসিক আতিশয্যৰ অভিযোগেৰে গোচৰ তৰাৰ পিছতেই দিছপুৰ আৰক্ষী চকীত শ্ৰীনিৱাসৰ বিৰুদ্ধে ৰুজু হৈছিল ৬৯২/২০২৩ নম্বৰৰ এটা গোচৰ ।

এই গোচৰৰ ভিত্তিত যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে আই পি চিৰ U/S 509/294/341/352/354/354 (A) (iv)/506 ধাৰাত ৰুজু হোৱা গোচৰৰ বাবে পূৱ গুৱাহাটীৰ অতিৰিক্ত আৰক্ষী উপ আয়ুক্ত মৈত্ৰেয়ী ডেকাই ২ মে’, ২০২৩ ৰ পূৰ্বে গুৱাহাটীত উপস্থিত হ’বলৈ নিৰ্দেশ দিছিল । পৰৱৰ্তী সময়ত এই গোচৰৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিৱাসে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও অৱশেষত ২২ মে’ত গুৱাহাটীত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হয় ।

পোনপ্ৰথমে শ্ৰীনিৱাসে মহানগৰীৰ পানবজাৰ থানাত আৰক্ষীৰ সন্মুখত হাজিৰ হয় । প্ৰায় ১ ঘণ্টা জোৰা জেৰাৰ অন্তত শ্ৰী নিবাসক লৈ যোৱা হয় উলুবাৰীস্থিত CID ৰ মুখ্য কাৰ্যালয়লৈ । CID ৰ কাৰ্যালয়তো জেৰাৰ সন্মুখীন হয় শ্ৰী নিৱাস। প্ৰায় এঘণ্টাৰ জেৰাৰ পিছত শ্ৰী নিবাসক CID কাৰ্য্যালয়ৰ পৰা যাব দিয়া হয়।

সাংবাদিকে শ্ৰীনিৱাস বি ভিৰ ওপৰত অংকিতা দত্তই অনা অভিযোগ আৰু তেওঁৰ ওপৰত তৰা গোচৰ সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত কয়,” আদালতৰ বিচৰাধীন হৈ আছে গোচৰ আৰু মোৰ আদালতৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে ।”

ইফালে পুৱাৰে পৰা পানবজাৰ থানা চৌহদকে ধৰি সমগ্ৰ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা পৰিলক্ষিত হয় । পানবজাৰ আৰক্ষী থানাৰ সন্মুখৰ পথছোৱাত বেৰীকেড লগাই সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয় । আনকি সংবাদ মাধ্যমকো প্ৰৱেশত বাধা আৰোপ কৰা হয় । একেধৰণৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা CID মুখ্য কাৰ্যালয়ৰ চৌপাশতো পৰিলক্ষিত হয় ।

উল্লেখ্য যে, শ্ৰীনিৱাসৰ এই আগমণৰ এদিন পূৰ্বৰে পৰা সমগ্ৰ গুৱাহাটীত ১৪৪ ধাৰা জাৰী কৰা হৈছে । এই নিৰ্দেশ অনুসৰি, মহানগৰীত সমাবেত হ’ব নোৱাৰিব ৫ জনতকৈ অধিক লোক । কোনেও দিব নোৱাৰিব চৰকাৰ বিৰোধী ধৰ্ণা । কোনো দল সংগঠনে উলিয়াব নোৱাৰিব সমদল ।

আশংকা কৰা অনুসৰি শ্ৰীনিৱাসৰ গুৱাহাটী আগমণত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সমদল কিম্বা চৰকাৰবিৰোধী প্ৰতিবাদ কৰিব পাৰে । তেনে হ’লে যিকোনো মুহুৰ্ততে গুৱাহাটীৰ ৰাজপথ উত্তাল হৈ পৰিব পাৰে । এনে পৰিপেক্ষিততেই জনসাধাৰণৰ শান্তিপূৰ্ণ চলাচল আৰু আৰক্ষী আয়ুক্তৰ অধীনস্থ কাৰ্যালয়ৰ স্বাভাৱিক কাম-কাজ সুনিশ্চিত কৰাৰ লক্ষ্যৰে শনিবাৰে মহানগৰ আৰক্ষীৰ উপ আৰক্ষী উপ আয়ুক্ত ইমদাদ আলী স্বাক্ষৰিত এক বিবৃতিৰ জড়িয়তে গুৱাহাটীত চি আৰ পি চিৰ ১৪৪ ধাৰা জাৰি কৰা হৈছে (144 of CrPC imposed in Guwahati)।

আজি শ্ৰী নিৱাসক সংগ দিয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সংসদ আব্দুল খালেকে ,বিধায়ক ৰকিবুল হুছেইন ,বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু যুৱ কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে ।

গুৱাহাটীত ১৪৪ ধাৰা জাৰি কৰা সম্পৰ্কত সাংসদ আব্দুল খালেকে কয়,”মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আইন-শৃংখলা ভাল হৈছে । কিন্তু প্ৰকৃততে গুৱাহাটীৰ আইন-শৃংখলাত বিঘিনি ঘটিছে । আইন-শৃংখলা ইমানেই বেয়া যে এজন ব্যক্তি আৰক্ষীৰ জেৰাৰ সন্মুখীন হবলৈ আহিছে আৰু তেওঁৰ কাৰণে গুৱাহাটীখন যুদ্ধ ক্ষেত্ৰলৈ পৰিণত কৰিছে ।” কি কাৰণে হিমন্ত বিশ্ব শৰ্মাই ইমান ভয় খাইছে বুলিও প্ৰশ্ন কৰে আব্দুল খালেকে ।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই গুৱাহাটীত ১৪৪ ধাৰা জাৰি কৰি গণতন্ত্ৰ ধংস কৰাতো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে । একেদৰে বিধায়ক ৰকিবুল হুছেইনে গুৱাহাটীত ১৪৪ ধাৰা জাৰি কৰা সম্পৰ্কত কয়,”শ্ৰীনিৱাস অহাৰ বাবে চৰকাৰৰ কিয় ইমান ভয় ? কিয় ছাঁটোতে বাঘটো দেখিছে মুখ্যমন্ত্ৰীয়ে” ।

লগতে পঢ়ক : পৰিচয় পত্ৰ অবিহনে ২০০০ টকীয়া নোট সালসলনিৰ বিৰুদ্ধে ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন