অসমত ভূমিকম্পৰ জোকাৰণি
নিউজ ডেস্ক, ৫ জুলাই : আন্দামান নিকোবৰৰ পাছত এইবাৰ অসমত ভূমিকম্পৰ জোকাৰণি ।
National Center for Seismology চমুকৈ NCSএ টুইটাৰ যোগে জনাইছে যে পুৱা ১১:০৩ বজাত ৩.৭ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় অসমক।
আৰু ভূমিকম্পৰ গভীৰতা আছিল ৩৫ কিলোমিটাৰ।
উল্লেখযোগ্য যে, ৰিখটাৰ স্কেলত ৪.৩ প্ৰাবল্যৰ শেহতীয়া ভূমিকম্পটো পুৱা প্ৰায় ৮.০৫ বজাত Port Blairৰ পৰা প্ৰায় ১৮৭ কিলোমিটাৰ দক্ষিণ-পূবত সংঘটিত হৈছিল। আৰু ভূমিকম্পটোৰ গভীৰতা ৩০ কিলোমিটাৰ আছিল।
আনহাতে, পুৱা প্ৰায় ৫.৫৭ বজাত Port Blairত , ৰিখটাৰ স্কেলত ৫.০ প্ৰাবল্যৰ আটাইতকৈ শক্তিশালী কম্পনটো সংঘটিত হৈছিল। কেন্দ্ৰস্থল আছিল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পোৰ্ট ব্লেয়াৰৰ ২১৫ কিলোমিটাৰ ESE।