Local, Vocal, Global

সংহাৰী বানৰ পিছত এইবাৰ বৰপেটাত জাপানী এনকেফেলাইটিছৰ আতংক

নিউজ ডেক্স, ৫ জুলাই : বান বিভিষীকাৰ পিছত বৰপেটাত আৰম্ভ জাপানী এনকেফেলাইটিছৰ আতংক ৷ বৰপেটা চহৰৰ মাজৰহাটীৰ পলাশমণি দাস নামৰ এজন ২৭ বছৰীয়া যুৱক আক্ৰান্ত হৈছে জাপানী এনকেফেলাইটিছত ৷

উল্লেখযোগ্য যে, বিগত চাৰিদিন ধৰি তীব্ৰ জ্বৰত ভুগি আছিল যুৱকজন ৷ সোমবাৰে বৰপেটা মেডিকেল কলেজ হাস্পতালত পৰীক্ষাৰ অন্তত যুৱকজনৰ দেহত জাপানীএনকেফেলাইটিছ বীজানুৰ অৱস্থিতি ধৰা পৰে ৷

সম্প্ৰতি বৰপেটা মেডিকেল কলেজ হাস্পতালৰ ICUত চিকিৎসাধীন হৈ আছে যুৱকজন ৷

বৰপেটা মেডিকেল কলেজ হাস্পতালৰ অধীক্ষক ডাঃ দিগন্ত দাসে পলাশমণি দাস নামৰ যুৱকজন জাপানীএনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত কৰিছে ৷

উল্লেখ্য যে বৰপেটা চহৰৰ বহু পৰিয়াল এতিয়াও পানীৰ মাজত আৱদ্ধ হৈ আছে ৷জলনিষ্কাশন ব্যৱস্থাৰ অভাৱত এতিয়াও জলমগ্ন হৈ আছে চহৰখনৰ বহু অঞ্চল ৷
এনেধৰণৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জাপানী এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱে একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰিছে চহৰখনত ৷

সেয়ে জাপানী এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধৰ লগতে সতৰ্কতামূলক ব্যৱস্থা হিচাপে চহৰখনত ফগিঙৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে বৰপেটাবাসী ৰাইজে ৷