Local, Vocal, Global

ব্যাপক গৰাখহনীয়াৰ কবলত পেঙেৰীৰ মুগং পথাৰ গাঁও

নিউজ ডেস্ক, ৫ জুলাই : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত পেঙেৰীৰ মুগং পথাৰত বুঢ়ীদিহিং নদীয়ে ব্যাপক হাৰত গৰাখহনীয়া সৃষ্টি কৰিছে। বিগত কেইবাদিনত হোৱা প্ৰবাল বৃষ্টিপাতত ফলত ফেনে ফুটুকাৰে বৃদ্ধি পাইছে বুঢ়ীদিহিং নদীৰ পানী ।

প্ৰৱল বৃষ্টিপাতৰ ফলত নদী পাৰৰ মাটি সমূহ কোমল হৈ যোৱাৰ ফলত গৰাখহনীয়া সৃষ্টি হৈছে বুঢ়ীদিহিং নদীত। পেঙেৰীৰ মুগং পথাৰ গাঁও যিকোনো মুহুৰ্তত বুঢ়ীদিহিং নদীত জাহ যোৱাৰ সম্ভাৱনা। গৰাখহনীয়াৰ ফলত নিদ্ৰা হৰণ হৈছে পেঙেৰীৰ মুগং পথাৰ গাঁও বাসীৰ ৰাইজৰ।

উল্লেখ্য যে, বিগত কেইবাবছৰত বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াই প্ৰায় হাজাৰ বিঘাতকৈ অধিক মাটি নদীৰ বুকুত জাহ যোৱাৰ লগতে কেইবাটাও পৰিয়াল গৃহহাৰা হৈ পৰিছে।

আনহাতে, বিভিন্ন সময়ত উক্ত গৰাখহনীয়াৰ স্থায়ী সমাধান বাবে দল সংগঠন স্থানীয় ৰাইজে আবেদন নিবেদন জনাই আহিছে যদিও আজিলৈকে জলসিঞ্চন বিভাগ,স্থানীয় বিধায়ক,সাংসদে গুৰুত্ব নিদিয়া অভিযোগ উত্থাপিত হৈছে।

অতি সোনকালে বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ দাবী তুলিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে।