Local, Vocal, Global

শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ কিছুদিন

শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ কিছুদিন। পিছে এইবাৰ আগৰ দৰে উদযাপন কৰিব পৰা হ’বনে দুৰ্গা পূজা? সেই সন্দৰ্ভত সৃষ্টি হৈছে এক প্ৰশ্নবোধকৰ। শনিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত কৰে বিশেষ মন্তব্য।

ৰাজ্যত নিতৌ বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা। বৰ্তমানলৈ ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৪৫৩ গৰাকীকৈ লোকৰ। আগষ্ট মাহত কৰ’নাত আক্ৰান্ত হৈছিল ৬৮ হাজাৰ কিন্তু উদ্বেগজনকভাৱে ছেপ্তম্বৰ মাহত কৰ’নাত  আক্ৰান্ত হৈছে ৩১ হাজাৰ লোক। গতিকে আশংকা কৰা হৈছে ছেপ্তম্বৰৰ শেষৰ ফালে ৰাজ্যত কৰ’নাত আক্ৰান্ত হ’ব প্ৰায় ৯০ হাজাৰ লোক। গতিকে সাম্ভাৱ্য ভয়ংকৰ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি শাৰদীয় দুৰ্গা পূজা ৰাজহুৱা কৈ অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনালে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় যে সকলোয়ে যেন পূজাৰ প্ৰসাদ ঘৰতে খোৱাৰ ব্যৱস্থা কৰে। লগতে কয় যে ‘মন্দপৰ বিপৰীতে ঘৰতে দিয়ক মা’ৰ পূজা ৷ অন্যথা ভযংকৰ হ’ব পৰিস্থিতি ৷ ৰাজ্য চৰকাৰে কোনো মতে ছেপ্তেম্বৰ মাহত ক’ভিডৰ সৈতে যুঁজিব পৰাকৈ ব্যৱস্থা কৰিছে। বৰ্তমানেও অক্টোবৰৰ পৰিৱেশৰ সৈতে যুঁজিৱলৈ চিন্তা-চৰ্চা চলিয়ে আছে। যদি পূজাৰ সময়ত যদি হঠাৎ ভয়ংকৰ হাৰত বৃদ্ধি হয়, তেন্তে ৰাজ্যখনত জটিল হৈ পৰিব পৰিস্থিতি।

অৰ্থাৎ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যবাসীক শাৰদীয় দুৰ্গা পূজা উদযাপনৰ পৰাই বিৰত থাকিবলৈয়ে আহ্বান জনাই।