আজি মহানৱমী

আজি মহানৱমী। ক’ভিড প্ৰট’কল মানি অনুষ্টুপীয়াকৈ পালন দুৰ্গা পূজা। পৰম্পৰাগত ৰীতি-নীতিৰে দেৱী দুৰ্গাক পূজা-অৰ্চনা ভক্তপ্ৰাণ ৰাইজৰ। জনসমাগমহীন মণ্ডপত দেৱী দুৰ্গাক আৰাধনা।পূৰ্বৰ দৰে উছাহ নাই পূজাথলীসমূহত। দুৰ্গা পূজাৰ নৱৰাত্ৰিত দেৱীৰ ৯টা শক্তি জাগ্ৰত হয়। সকলোৰে এটাই প্ৰাৰ্থনা ক’ভিড মহামাৰী সমাজৰ পৰা নিঃশেষ হোৱাৰ। কৰ’নাসৃষ্ট জটিল পৰিস্থিতি আৰু লকডাউনে কোঙা কৰা অৰ্থনৈতিক অৱস্থাৰ মাজতে দুৰ্গতিনাশিনী মা দুৰ্গাৰ চৰণত পূজা কৰিছে ভক্তপ্ৰাণ ৰাইজে। ক’ভিডৰ সংহাৰী ৰূপে যি ত্ৰাসৰ সৃষ্টি কৰিছে তাৰ ফলত বিভিন্ন উৎসৱবোৰ এইবাৰ নিষ্প্ৰাণ হৈ পৰিল। চৰকাৰে দুৰ্গা পূজা উপলক্ষে যি নীতি-নিৰ্দেশনা বান্ধি দিছে সেই নীতি-নিয়মসমূহ পালন কৰি ভক্তই দৰ্শন কৰিছে দেৱী দুৰ্গাক।